মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ জলসিঞ্চন বিভাগ

জল উপভোক্তা সংস্থা

১৯৮৭ চনত গ্ৰহণ কৰা ৰাষ্ট্ৰীয় জল নীতিত জলসিঞ্চন ব্যৱস্থা এটাৰ পৰিচালনাৰ বিভিন্ন দিশত কৃষকৰ অংশগ্ৰহণৰ ওপৰত গুৰুত্ব দিছে, বিশেষকৈ জল বিতৰণ আৰু জলকৰ আদায়ৰ ক্ষেত্ৰত । তাৰোপৰি সৃষ্ট জলসিঞ্চন ক্ষমতা আৰু ইয়াৰ ব্যৱহাৰৰ মাজৰ ব্যৱধান হ্ৰাসৰ কথা মনত ৰাখি অংশীদাৰী জলসিঞ্চন ব্যৱস্থাপনা (Participatory Irrigation Management চমুকৈ PIM)ৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰা হৈছে যি ব্যৱস্থাত জলসিঞ্চন ব্যৱস্থাপনাত কৃষকৰ ভূমিকা সুনিশ্চিত কৰা আছে ।

অংশীদাৰী জলসিঞ্চন ব্যৱস্থাপনাত, জল উপভোক্তা সংস্থা (Water Users’ Association চমুকৈ WUA) গঠন কৰা হয় যাতে চৰকাৰী জলসিঞ্চন আঁচনি এটাই সাঙুৰি লোৱা এলেকাত পৰ্যায়ক্ৰমে এনে আঁচনিসমূহ এই সংস্থাসমূহক তদাৰকী আৰু জল বিতৰণৰ দায়িত্ব অৰ্পণ কৰিব পৰা হয় । বৰ্তমান সময়ত অৰ্থাৎ ২০১৮ চনৰ ৩১ মাৰ্চলৈ ১৫৮১টা এনে জল উপভোক্তা সংস্থা গঠন কৰা হৈছে সমিতিসমূহৰ পঞ্জীয়ন আইন, ১৮৬০ৰ আধাৰত । ইয়াৰে ৮৯৩টা পঞ্জীয়নভুক্ত কৰা হৈছে । ১৭০টা মান আঁচনি সংশ্লিষ্ট জল উপভোক্তা সংস্থাক গতাই দিয়া হৈছে । জলসিঞ্চন বিষয়াৰ তদাৰকীত কিছুসংখ্যক বছা বছা কৃষক আৰু কৃষি উন্নয়নৰ ক্ষেত্ৰৰ লগত জড়িত কিছু বেচৰকাৰী সংস্থাৰ বিষয়ববীয়াৰ দলক তামিলনাডু, অন্ধ্ৰপ্ৰদেশ আৰু ঝাৰখণ্ড আদি অসমৰ বাহিৰৰ ৰাজ্যত বিশ্ববেংকৰ পুঁজিৰ পৰা তাৰে উন্নত কৃষি পদ্ধতি আৰু জলসিঞ্চনৰ পানীৰ সুব্যৱহাৰৰ প্ৰতি সজাগতা আনিবলৈ ভ্ৰমণৰ ব্যৱস্থা কৰা হৈছিল ।

জলসিঞ্চন আঁচনিসমূহৰ ওপৰত কৃষকৰ অধিকাৰ সুৰক্ষিত কৰাৰ স্বাৰ্থত অসম জলসিঞ্চন জল উপভোক্তা আইন, ২০০৪ প্ৰণয়ন কৰা হৈছে য’ত কৃষকৰ সক্ৰিয় অংগ্ৰহণৰ ব্যৱস্থা কৰা হৈছে । আইনখনৰ সৈতে সংশ্লিষ্ট অধিনিয়ম সমূহো চৰকাৰী পৰ্যায়ত চূড়ান্ত কৰি থকা হৈছে ।

অধিক তথ্য়ৰ বাবে : Assam Irrigation Water Users' Act, 2004লিংক অনুসৰণ কৰক ।