এই ধৰণৰ আঁচনিত নদীৰ এখনৰ উজনিত বান্ধ সাজি জলপৃষ্ঠৰ উচ্চতা বৃদ্ধি কৰি লৈ নলা প্ৰণালীলৈ বোৱাই দিয়া হয় । এই ব্যৱস্থাত মাধ্যাকৰ্ষণৰ সাধাৰণ ধৰ্ম ব্যৱহাৰ কৰি ক্ৰমাৎ উচ্চ স্থানৰ পৰা নিম্ন স্থানলৈ পানী বোৱাই নিয়া হয় । ইয়াত মূলধন বিনিয়োগ বেছি কিন্তু তদাৰকী খৰচ কম আৰু বিদ্যুৎ নহলেও চলাব পৰা ব্যৱস্থা থাকে । দুই এটা এনে আঁচনিত পৰীক্ষামূলকভাবে বিদ্যুৎ উৎপাদনৰ ব্যৱস্থাও হৈছে ।
এই জলসিঞ্চন ব্যৱস্থাত পানী পাম্পৰ সহায়ত নদী বা জলাধাৰৰ পৰা উঠাই আনি নলা এটাৰ দ্বাৰা পথাৰলৈ বোৱাই নিয়া হয় । এনে আঁচনি মূলতঃ বিদ্যুৎচালিত হয় যদিও অঞ্চলবিশেষে কিছু ডিজেলচালিত আঁচনিও আছে । শেহতীয়াকৈ সৌৰশক্তি চালিত আঁচনিৰ প্ৰক্ৰিয়াৰ চিন্তা-চৰ্চা চলিছে ।
নলীনাদ জলসিঞ্চন ব্যৱস্থা ভূজলসম্পদ ব্যৱহাৰৰ আটাইতকৈ মিতব্যয়ী ব্যৱস্থা । এনে আঁচনিবোৰ মূলতঃ বিদ্যুৎচালিত হয় যদিও অঞ্চলবিশেষে কিছু ডিজেলচালিত আঁচনিও আছে । শেহতীয়াকৈ কামৰূপ জিলাৰ হাজোৰ ওচৰৰ বৰলাহত সৌৰশক্তি চালিত এনে এটা আঁচনিৰ সফল ৰূপায়ণৰ পিছত আৰু কিছু এনে আঁচনি লোৱা হৈছে ।
এনে নলীনাদৰ গভীৰতা ৭০ মিটাৰতকৈ অধিক আৰু প্ৰতি ঘণ্টাত ১০০ঘনমিটাৰৰ পৰা ২০০ ঘনমিটাৰ পৰ্যন্ত পানী পাব পাৰি । আঁচনিয়ে সাঙুৰি লোৱা কৃষিভূমিৰ পৰিসৰ ৫০ হেক্টৰ পৰ্যন্ত হ’ব পাৰে ।
ভূগৰ্ভস্থ জল ওচৰতে পৰ্যাপ্ত পৰিমাণে থকা অঞ্চলত এনে আঁচনি কাৰ্যকৰী কৰা হয় ।এনে নলীনাদৰ গভীৰতা ৩০ মিটাৰতকৈ অধিক নহয় আৰু দিনটোত ৬ ঘণ্টাৰ পৰা ৮ ঘণ্টা পাম্প চলাই ১০০ ঘনমিটাৰৰ পৰা ৩০০ ঘনমিটাৰ পৰ্যন্ত পানী পাব পাৰি । আঁচনিয়ে সাঙুৰি লোৱা কৃষিভূমিৰ পৰিসৰ ১৫ হেক্টৰ পৰ্যন্ত হ’ব পাৰে ।
জলসিঞ্চনত ব্যৱহাৰৰ বাবে সাধাৰণ মুকলি কুঁৱাবোৰক ইয়াত সাঙুৰি লোৱা হয় । এনে ব্যৱস্থাত পকী কুঁৱা, কেঁচা কুঁৱা বা কুঁৱাত নলীনাদ সংলগ্নও হ’ব পাৰে । সাধাৰণতে ব্যক্তিগত মালিকানাত এনে জলসিঞ্চন আঁচনিবোৰ থাকে ।
এই ব্যৱস্থাত শস্যৰ প্ৰতিটা থোপাৰ শিপাত পৰাকৈ আৰু আৰ্দ্ৰতা, পাৰিপাৰ্শ্বিক উষ্ণতা আদিৰ লগত সংগতি ৰাখি সঠিক জোখৰ পানী টোপ টোপকৈ যোগান ধৰা হয় যাতে বাষ্পীভৱনত পানী নষ্ট নহয় । পানীৰ লগত প্ৰয়োজনীও পোষক দ্ৰব্যও যোগান ধৰা হয় । প্ৰক্ৰিয়াটো কেবাতৰপীয়া আৰু প্ৰাৰম্ভিকভাবে কিছু ব্যয়বহুল কিন্তু অত্যধিক বিজ্ঞানসন্মত ।