মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ জলসিঞ্চন বিভাগ

ভূমি অধিগ্ৰহণৰ বাবে ক্ষতিপূৰণ

বিভিন্ন চৰকাৰী কামৰ বাবে ভূমি অধিগ্ৰহণ সন্দৰ্ভত বলৱৎ হৈ থকা বিধি

অসম ভূমি অধিগ্ৰহণ বিধি, ১৯৬৪ (v)

ভূমি অধিগ্ৰহণ, পুনৰসংস্থাপন আৰু পুনৰ বন্দৱস্তীৰ উপযুক্ত ক্ষতিপূৰণ আৰু স্বচ্ছতাৰ অধিকাৰ আইন, ২০১৩

ৰাষ্ট্ৰীয় ঘাইপথ আইন, ১৯৫৬

ভূমি অধিগ্ৰহণৰ ক্ষেত্ৰত গ্ৰহণ কৰিবলগীয়া পদ্ধতিগত ব্যৱস্থা

  • ভূমি অধিগ্ৰহণ বিচৰা বিভাগটোৱে ভূমিৰ মানচিত্ৰ, প্ৰপত্ৰ অনুসৰি প্ৰশাসনীয় অনুমোদন আৰু বাজেট উপবদ্ধ উল্লেখ কৰি উপায়ুক্তলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব ।
  • ৰাজহ বিষয়া ∕ বিভাগৰ সৈতে জড়িত বিষয়া (চক্ৰ বিষয়াৰ ভূমি ৰাজহ কৰ্মচাৰী বা জিলাধিকাৰীৰ ভূমি অধিগ্ৰহণ কৰ্মচাৰী)আৰু ভূমি অধিগ্ৰহণ বিচৰা বিভাগটোৰ দ্বাৰা যুটীয়া পৰ্যবেক্ষণ
  • ভূমি অধিগ্ৰহণ প্ৰস্তাৱ প্ৰস্তুত (ভূমি অধিগ্ৰহণৰ কাগজপত্ৰ চক্ৰ বিষয়া তথা ভূমি বিচৰা বিভাগৰ দ্বাৰা যুটীয়াভাবে স্বাক্ষৰিত হ’ব লাগিব ।
  • জিৰাত তালিকা তৈয়াৰ (অৰ্থাৎ পট্টাভুক্ত মাটিত থকা খেতি তথা আন গছগছনি আদি)ৰ লগতে অধিগ্ৰহণ কৰিবলগীয়া পট্টাভুক্ত মাটিত থকা জুপুৰীঘৰ, পকীঘৰ আদি যিবোৰ বস্তু তাৰ পৰা আঁতৰাব লাগিব তাৰ এখন তালিকা প্ৰস্তুত কৰিব লাগিব । ভূমি অধিগ্ৰহণ বিষয়া ∕ সমাহৰ্তা আৰু ভূমি অধিগ্ৰহণ বিচৰা বিভাগৰ যুটীয়া স্বাক্ষৰ তালিকাখনত থাকিব লাগিব । জিৰাতৰ গৰাকীৰ স্বাক্ষৰো তালিকাখনত থকাটো প্ৰয়োজনীয় ।
  • ধাৰা ৯(১) মতে সমাহৰ্তাৰ স্বাক্ষৰযুক্ত এখন প্ৰাথমিক জাননী অসম ৰাজপত্ৰত প্ৰকাশৰ বাবে ছপা ও মুদ্ৰণ সামগ্ৰীৰ সঞ্চালকলৈ অৰ্থাৎ বামুণীমৈদামস্থিত অসম চৰকাৰী ছপাশাললৈ পঠিয়াব লাগিব আৰু এখন আঞ্চলিক ভাষাৰ বহুল প্ৰচাৰিত বাতৰিকাকতকে ধৰি অন্ততঃ দুখন বহুল প্ৰচাৰিত স্থানীয় বাতৰিকাকতত প্ৰকাশৰ বাবে পঠিয়াব লাগিব ।
  • ধাৰা ৯(২) মতে উপায়ুক্ত বা জিলাৰ ভূমি অধিগ্ৰহণ বিষয়াই সংশ্লিষ্ট পট্টাদাৰলৈ জাননী প্ৰেৰণ কৰিব লাগিব ।
  • কোনো ওজৰ-আপত্তি থাকিলে তাৰ মীমাংসা কৰিব লাগিব ।
  • ভূমি অধিগ্ৰহণ, পুনৰসংস্থাপন আৰু পুনৰ-বন্দৱস্তী উপযুক্ত ক্ষতিপূৰণ আৰু স্বচ্ছতাৰ অধিকাৰ আইন, ২০১৩ (অনুচ্ছেদ ২৬ৰ পৰা ৩০লৈ) মতে সমাহৰ্তাই মাটিৰ মূল্য নিৰ্দ্ধাৰণ কৰিব লাগিব ।
  • অধিগ্ৰহণ কৰা মাটিৰ জিৰাত, গৃহ তথা অট্টলিকা ইত্যাদিৰ প্ৰাককলন সমাহৰ্তাই সাজু কৰিব আৰু সেয়া ভূমি বিচৰা বিভাগলৈ প্ৰশাসনিক অনুমোদন আৰু পুঁজি মঞ্জুৰীৰ বাবে পঠিয়াব । তাৰপিছত সেইখন ভূমি বিচৰা বিভাগৰ পৰা অধিস্থাতা বিষয়াৰ জৰিয়তে সংশ্লিষ্ট বিভাগে চৰকাৰলৈ পঠিয়াব । (২০১৩ চনৰ আইনৰ ৩০নং দফাৰ ২৪ নং নিয়মমতে প্ৰপত্ৰ ৭ অনুসৰি প্ৰাককলন প্ৰস্তুত কৰিব ।
  • প্ৰাককলনত চৰকাৰে অনুমোদন দিয়াৰ পিছত ভূমি বিচৰা বিভাগে পুঁজি মঞ্জুৰ কৰিব ।
  • পুঁজি প্ৰাপ্তিৰ পিছত সমাহৰ্তাই আৱণ্টন সাজু কৰিব কিন্তু তাৰ আগতে সংশ্লিষ্ট চক্ৰ বিষয়াৰ পৰা ব্যক্তিগত ভূমিৰ অংশ তালিকা আহৰণ কৰি ল’ব । (২০১৩ৰ আইনৰ নিয়ম ৩৬ৰ উপ নিয়ম (১) আৰু ধাৰা ২৩ আৰু ৩০ চাব (প্ৰপত্ৰ ১০(X))
  • আৱণ্টন মঞ্জুৰ কৰাৰ পাছত ক্ষতিগ্ৰস্ত পট্টাদাৰ∕ জিৰাত গৰাকী সকলক ক্ষতিপূৰণ দিব ।
  • সংশ্লিষ্ট পট্টাদাৰক অধিগ্ৰহণ কৰা ভূমি ∕ জিৰাতৰ ক্ষতিপূৰণ গ্ৰহণ কৰিবলৈ সমাহৰ্তাৰ দ্বাৰা স্বাক্ষৰিত এখন অসূচীত জাননী প্ৰদান কৰিব পাৰে ।
  • চক্ৰ বিষয়াই অধিগ্ৰহণ কৰা ভূমি সংশ্লিষ্ট পট্টাদাৰৰ পৰা দখলত ল’ব আৰু ভূমি বিচৰা বিভাগলৈ হস্তান্তৰিত কৰিব ।
  • সংশ্লিষ্ট ৰাজহ চক্ৰ বিষয়াই সংশ্লিষ্ট অধিগৃহীত ভূমিৰ ভূমিলেখ সংশ্লিষ্ট বিভাগৰ নামলৈ শুধৰণি কৰিব আৰু শুধৰণিকৃত ভূমিলেখ সহ এটি টোকা সমাহৰ্তা∕ জিলা উপায়ুক্তলৈ প্ৰেৰণ কৰিব ।
অধিক জানিবলৈ কাষত দিয়া লিংকটিত ক্লিক কৰক : landrevenue.assam.gov.in