অসমৰ বাসিন্দাসকলৰ ৮৫শতাংশই কৃষি সম্পৰ্কিত কাৰ্যৰ জৰিয়তে জীৱিকা নিৰ্বাহ কৰা হেতুকে ৰাজ্যখনৰ অৰ্থনীতি মূলতঃ কৃষিনিৰ্ভৰ । ৰাজ্যখনৰ কৃষিক্ষেত্ৰই সাঙুৰি লোৱা এলেকা প্ৰায় ৪১ লাখ হেক্টৰকৈ অধিক । জনসংখ্যা বৃদ্ধিৰ লগত সংগতি ৰাখি ক্ৰমহ্ৰাসমান কৃষিভূমিত অধিক খাদ্য উৎপাদনৰ বাবে একাধিক শস্যৰ ব্যৱস্থা কৰাটো সময়ৰ আহ্বান আৰু ইয়াৰ বাবে জলসিঞ্চন ব্যৱস্থা অৱশ্যই প্ৰয়োজনীয় । তাৰোপৰি প্ৰকৃতিৰ ধ্বংসলীলা, গোলকীয় উত্তাপ বৃদ্ধি, পাৰিপাশ্বিকতাৰ ভাৰসাম্য বিনষ্ট হোৱা, অনিয়মীয়া মৌচুমী আদিৰ প্ৰভাৱত সময়মতে বৰষুণ নোহোৱা কথাটোৱে কৃষিকাৰ্যত ব্যাঘাত জন্মাইছে । সেয়ে কৃষিকাৰ্য চলাই যাবলৈ সঠিক সময়ত সঠিক পৰিমাণৰ পানীৰ বাবে জলসিঞ্চনেই একমাত্ৰ বিকল্প ।
জলসিঞ্চন আঁচনিটোৱে সামৰি লোৱা এলেকাৰ ভিতৰত আবেদনকাৰীৰ কৃষি উপযোগী ভূমি থাকিব লাগিব ।
ভূমিৰ মালিকীস্বত্বৰ বৈধ নথি
জলসিঞ্চনৰ পানীৰ বাবে আবেদন কৰিবলৈ অনুচ্ছেদ ১ত( Schedule I) থকা প্ৰপত্ৰখন ডাউনলোড কৰি পূৰ কৰি সংশ্লিষ্ট বিভাগীয় বিষয়াক জমা দিব ।
অবৈদ্যুতিন
অনুচ্ছেদ ১ | জলসিঞ্চনৰ পানীৰ বাবে আবেদন প্ৰপত্ৰ | ডাউনলোড |
সেই আঁচনিখনৰ দায়িত্বন্যস্ত সহকাৰী কাৰ্যবাহী অভিযন্তা ।