জলসিঞ্চন সেৱা কৰ জলসিঞ্চনৰ পানী ব্যৱহাৰকাৰী কৃষকৰ পৰা আদায় কৰা হয় । এই কৰ জলসিঞ্চন বিভাগে উপভোক্তা সমিতিসমূহৰ জৰিয়তে কৃষকৰ পৰা আদায় কৰে । এনে ধৰণে আদায় কৰা ধন ৰাজ্যিক কোষাগাৰত জমা কৰা হয়।
ৰাষ্ট্ৰীয় নীতি অনুযায়ী, জলসিঞ্চন সেৱা কৰ বা জল কৰ উপভোক্তা খেতিয়কৰ পৰা আদায় কৰা কৰিব লাগে যাতে আঁচনিটোৰ চলিত ব্যয় তথা তদাৰকী ব্যয় আদায় হয় আৰু মূল বিনিয়োগৰ অন্ততঃ এক শতাংশ হোৱাকৈ সময়ে সময়ে ইয়াৰ আদায়ৰ হাৰ পুনৰীক্ষণ কৰা হয় । অসমত ১৯৯২ চনত প্ৰথম সেৱা কৰ বলৱৎ কৰা হৈছিল আৰু বিত্তীয় সংস্কাৰ আঁচনিৰ সৈতে সংগতি ৰাখি ২০০০ চনত ইয়াক পূৰ্বৰ হাৰৰ দুগুণলৈ বৃদ্ধি কৰা হয় ।
ভূমিৰ মালিকীস্বত্বৰ বৈধ নথি
যি শস্যৰ বাবে জলসিঞ্চন ব্যৱস্থা কৰা হৈছে সেই চপোৱাৰ পিছতেই এবাৰ কৰ জমা দিব লাগে।
জলসিঞ্চন বিষয়াক (সহকাৰী কাৰ্যবাহী অভিযন্তা) জমা দিব আৰু তেওঁ ইয়াৰ বিপৰীতে ৰছিদ দিব।
অফলাইন
কোনো প্ৰ-পত্ৰ ভৰ্তি কৰিবলগীয়া নাই। জলসিঞ্চন বিষয়াই প্ৰতিটো কৃষিচক্ৰৰ বাবে পানী যোগান ধৰাৰ বিতং তথ্য এখন পঞ্জীত লিপিবদ্ধ কৰিব লাগে।
সেই আচঁনিখনৰ সহকাৰী কাৰ্যবাহী অভিযন্তা