মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ জলসিঞ্চন বিভাগ

কেনেকৈ জল উপভোক্তা সংস্থা হিচাপে পঞ্জীভুক্ত কৰিম

মূল বিষয়:

  • ৰাজ্যখনৰ জলসিঞ্চনৰ পানীৰ কাৰ্যকৰী ব্যৱস্থাপনা ।
  • জল উপভোক্তা সংস্থাসমূহক আইনী সাহায্য প্ৰদান কৰা যাতে ৰাজ্যখনত অংশীদাৰী জলসিঞ্চন ব্যৱস্থাপনাৰ কাৰ্যকলাপ এটা নিৰ্দিষ্ট ধাৰা দিব পৰা যায় ।
  • কৃষকৰ নিজা সংগঠনৰ জৰিয়তে জলসিঞ্চনৰ পানীৰ কাৰ্যকৰী আৰু সমবিতৰণৰ ব্যৱস্থা কৰা ।
  • ৩১ মাৰ্চ, ২০১৬ পৰ্যন্ত ১৪০৭ টা এনে সংস্থা পঞ্জীভুক্ত কৰা হেছে ।

সাধাৰণ ধাৰণা

জল উপভোক্তা সংস্থা (Water Users’ Association চমুকৈ WUA) হ’ল জলসিঞ্চনৰ ব্যক্তিগত জল ব্যৱহাৰকাৰীৰ এটা সমবায় সংস্থা যিসকলে পৰস্পৰৰ লাভৰ অৰ্থে পানী-সম্পৰ্কিত কিছু কাৰ্যসূচী গ্ৰহণ কৰে । জল উপভোক্তা সংস্থা গঠনৰ উদ্দেশ্য আছিল কৃষিভূমিত যোগান ধৰা পানীৰ ব্যৱস্থাপনা আৰু বিতৰণৰ ক্ষেত্ৰত পৰিকল্পনাৰ পৰ্যায়ত অংশগ্ৰহণ কৰা আৰু লগতে বিভাগীয় কৰ্মচাৰীৰ লগত জল কৰ আদায়ৰ ক্ষেত্ৰত সহযোগিতা কৰা । সকলো সম্পূৰ্ণ আঁচনিয়েই জল উপভোক্তা সংস্থাক হস্তান্তৰ কৰিব লাগিব যিসকল ইয়াৰ পৰিচালনা আৰু তদাৰকীৰ বাবে দায়িত্বন্যস্ত ।

যোগ্যতা

প্ৰতিটো জল উপভোক্তা সংস্থা আৰু ইয়াৰ সদস্যসকল সংশ্লিষ্ট জলসিঞ্চন আঁচনিখনে সাঙুৰি লোৱা এলেকাত অৱস্থিত হ’ব লাগিব ।

প্ৰ-পত্ৰ পুৰোৱাৰ বাবে নিৰ্দেশাৱলী

সমিতি পঞ্জীয়ন আইন, ১৮৬০ মতে।

মাচুল

Assam Irrigation Water Users Act, 2004 মতে।

প্ৰয়োজনীয় নথি-পত্ৰ

সমিতি পঞ্জীয়ন আইন, ১৮৬০ মতে (Societies Registration Act, 1860) ।

কেনেদৰে আবেদন কৰিব

সমিতি পঞ্জীয়ন আইন, ১৮৬০ মতে।

কি ধৰনৰ সেৱা

অবৈদ্যুতিন

কাক লগ ধৰিব

সমিতিসমূহৰ পঞ্জীয়ন আইন, ১৮৬০ মতে।

How-Do-I