মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ জলসিঞ্চন বিভাগ

খেতিপথাৰত পানী যোগান

  • খেতি কৰা শস্যৰ প্ৰকৃতি অনুযায়ী পানীৰ পৰিমাণ নিৰ্ণয় কৰি পথাৰত যোগান ধৰাৰ ব্যৱস্থা কৰা হয় । এক বৃহৎ এলেকাত পৰা একেবিধ শস্যৰ ক্ষেত্ৰত ঠাইবিশেষে মাটিৰ আৰ্দ্ৰতা, গুণাগুণ আৰু বতৰৰ তাৰতম্যকে ধৰি আন আন স্থানীয় কাৰকবোৰৰ ওপৰত নিৰ্ভৰ কৰি প্ৰয়োজনীয় পানীৰ পৰিমাণ বেলেগ বেলেগ হয় । ভাৰতবৰ্ষৰ নিচিনা বিশাল দেশত বৰষুণৰ মাত্ৰাৰ পাৰ্থক্য অতি প্ৰকট - মৰুৰ ৰাজ্য ৰাজস্থানত ২৫০মিমিৰ পৰা বৰ্ষাসিক্ত উত্তৰ-পূৰ্বাঞ্চলত ৫০০০মিমিলৈকে । সেয়েহে পানীৰ প্ৰয়োজনীয়তা তথা ঠাইভেদে কৰিবপৰা শস্যৰ প্ৰকাৰৰো যথেষ্ট প্ৰভেদ আছে । আৰু অঞ্চলভেদে একেবিধ শস্যৰে প্ৰয়োজনীয় পানীৰ পৰিমাণোবেলেগ। সময়মতে সঠিক জোখৰ পানী যোগান ধৰিব পাৰিলে শস্যৰ উৎপাদন সৰ্বোচ্চ হয় । প্ৰকৃতি প্ৰদত্ত বৰষুণৰ পানী আৰু কৃত্ৰিম ভাৱে যোগান ধৰা জলসিঞ্চনৰ পানী মিলি এই সঠিক জোখটো পাব পৰা যায় । প্ৰয়োজনীয় পানীৰ সঠিক জোখটো নিৰ্ণয় কৰাটো সৰ্বোচ্চ উৎপাদনৰ পূৰ্বচৰ্ত । প্ৰয়োজনতকৈ অধিক পানী খেতিপথাৰলৈ গ’লে ই শস্যৰ উৎপাদন হ্ৰাস কৰাই নহয়, শস্যৰ গুণমানতো প্ৰভাৱ পেলায় । অত্যধিক জলসিঞ্চনৰ কুপ্ৰভাৱ জলসিঞ্চনহীনতাতকৈ কোনো গুণে কম নহয় বুলি ইতিমধ্যে প্ৰমাণিত । উৎসৰ পৰা খেতিপথাৰলৈ মূল নলা, উপ নলা আৰু ক্ষুদ্ৰ ক্ষুদ্ৰ পৰিৱাহিকাৰে জলসিঞ্চনৰ পানী বোৱাই নিয়া হয় । সাধাৰণতে মূল নলাৰ পৰা পোনপটীয়াকৈ কৃষিভূমিত পানী যোগান ধৰা নহয় কাৰণ মূল নলাত পানীৰ প্ৰৱাহৰ গতি অতি উচ্চ হাৰত থাকে । সৰু নলা বা পৰিৱাহিকাবোৰত কিছুমান পানীদুৱাৰৰ ব্যৱস্থা কৰি খেতিপথাৰত পানী বোৱাই দিযা হয় ।