মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ জলসিঞ্চন বিভাগ

ক্ষুদ্ৰ জলসিঞ্চন পিয়ল

ষষ্ঠ ক্ষুদ্ৰ জলসিঞ্চন পিয়লৰ নিৰ্দেশনা আৰু অনুসূচী

সমগ্ৰ দেশৰ লগতে অসমতো ‟ষষ্ঠ ক্ষুদ্ৰ জলসিঞ্চন পিয়ল, ২০১৭-১৮” আৰু “প্ৰথম জলাশয়ৰ পিয়ল” ভাৰত চৰকাৰৰ ১০০ শতাংশ অনুদানৰ অন্তৰ্গত আঁচনি ‟ক্ষুদ্ৰ জলসিঞ্চন পৰিসংখ্যাৰ যুক্তিসিদ্ধকৰণ”ৰ (Rationalisation of Minor Irrigation Statistics) অধীনত কাৰ্যব্যৱস্থাৰ বাবে হাতত লোৱা হৈছে । গ্ৰামাঞ্চলৰ বাবে ‟ষষ্ঠ ক্ষুদ্ৰ জলসিঞ্চন পিয়ল, ২০১৭-১৮” গাওঁসমূহৰ তথ্যৰ উপৰিও গাওঁভিত্তিক ক্ষুদ্ৰ জলসিঞ্চনৰ তথ্য সংগ্ৰহৰ বাবে পৰম্পৰাগত পদ্ধতি অৰ্থাৎ কাকতৰ নিৰ্দিষ্ট প্ৰপত্ৰ আৰু জলাশয়ৰ পিয়লৰ বাবে আধুনিক ফোন (স্মাৰ্টফোন) ব্যৱহাৰৰ দ্বাৰা দ্ৰাঘিমাংশ - অক্ষাংশৰ  স্থিতি নিৰূপণ কৰি গাওঁ আৰু নগৰাঞ্চলৰ বাবে নিৰ্দিষ্ট প্ৰপত্ৰ পূৰণ  কৰা হ’ব ।

এই পিয়লৰ জৰিয়তে দেশৰ জলাশয়ৰ বিস্তৃত তথ্য লাভ কৰিব পৰা যাব ।

ক্ষুদ্ৰ জলসিঞ্চন পিয়ল, ২০১৭-১৮ আৰু জলাশয়ৰ পিয়লৰ বাবে ভাৰত চৰকাৰৰ ‟জলসম্পদ আৰু গঙ্গা পুনৰুজ্জীৱিতকৰণ” বিভাগে প্ৰেৰণ কৰা নিৰ্দেশনা আৰু প্ৰপত্ৰ নিম্নলিখিত ধৰণৰ