মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ জলসিঞ্চন বিভাগ

ক্ষুদ্ৰ জলসিঞ্চন পিয়ল

ক্ষুদ্ৰ জলসিঞ্চন আঁচনিসমূহৰ বিতং তথ্য পাবলৈ সমগ্ৰ দেশতে প্ৰতি পাঁচবছৰে কেন্দ্ৰীয় আঁচনি ক্ষুদ্ৰ জলসিঞ্চন পৰিসংখ্যা সামগ্ৰিকীকৰণ (Rationalisation of Minor Irrigation Statistics-RMIS)ৰ অধীনত ক্ষুদ্ৰ জলসিঞ্চন আঁচনিসমূহৰ এটি পিয়ল কৰা হয় । ক্ষুদ্ৰ জলসিঞ্চন আঁচনিসমূহৰ পঞ্চম পিয়লত গাঁও/ উন্নয়ন খন্ড পৰ্যায়লৈ আঁচনিসমূহৰ সংখ্যা, ধৰণ, ব্যৱহাৰত থকা আৰু নথকা আৰু ব্যৱহাৰত নথকাৰ কাৰণসমূহ, সৃষ্ট জলসিঞ্চন ক্ষমতা, ব্যৱহাৰৰ পৰিধি, আঁচনিটো সাজি উলিওৱাৰ খৰচ, পুঁজিৰ উৎস, ৰাজহুৱা খণ্ডৰ তথা ব্যক্তিগত খণ্ডৰ অংশীদাৰী আৰু জলসিঞ্চন ক্ষমতা হ্ৰাস পোৱাৰ কাৰণ ইত্যাদি ফঁহিয়াই উলিওৱা হয় । অজনজাতীয় তথা আন অঞ্চলত ক্ষুদ্ৰ জলসিঞ্চন আঁচনিৰ বিস্তৃতি আৰু কৃষকৰ সামাজিক অৱস্থাৰ প্ৰতিচ্ছৱি, তেওঁলোকৰ অধিকৃতভূমিৰ পৰিমাণ আৰু বতৰ অনুযায়ী তথা খেতি কৰা শস্যৰ ধৰণ আদিৰো বিতং তথ্য এই জৰীপত সাঙুৰি লোৱা হয় ।

 
 
 
 
 
 
 
 
 
Downloads
TitleSizeDetail
চতুৰ্থ ক্ষু্দ্ৰ জলসিঞ্চন পিয়ল প্ৰতিবেদন3.28 MBswf-image
পঞ্চম ক্ষুদ্ৰ জলসিঞ্চন পিয়ল প্ৰতিবেদন ২০১৩-১৪9.63 MBswf-image
ক্ষুদ্ৰ জলসিঞ্চন পিয়ল ৰাজ্য পৰ্যায়ৰ সমিতিৰ জাননী2.93 MBswf-image
ক্ষুদ্ৰ জলসিঞ্চন পিয়লৰ জাননী2.98 MBswf-image
ক্ষুদ্ৰ জলসিঞ্চন পিয়ল