মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ জলসিঞ্চন বিভাগ

ক্ষেত্ৰ উন্নয়ন জলসিঞ্চনঃ সম্ভাৱনীয়তা বৃদ্ধিৰ কাৰক

ক্ষেত্ৰ উন্নয়ন জলসিঞ্চন কি?

ভাৰত চৰকাৰৰ চি এ ডি ডব্লিউ এম কাৰ্য্যক্ৰমৰ জৰিয়তে ক্ষেত্ৰ উন্নয়ন (কামাণ্ড এৰিয়া ডেভেলপমেণ্ট) য়ে কাৰ্য্য সম্পাদন কৰি আহিছে। ১৯৭৪-৭৫ চনত ইয়াৰ সংসাধন হয়। প্ৰধান মন্ত্ৰী কৃষি সিঁচাই যোজনা (পি এম কে এছ ৱাই)- ‘হৰ খেত কো পানী’ ২০১৫-১৬ ৰ অধীনত এই কাৰ্য্যসূচী অনা হৈছে। ‘চি এ ডি’ ৰ কাৰ্য্যসমূহ লোৱাৰ প্ৰধান লক্ষ্য হৈছে জলসিঞ্চনৰ সম্ভাৱনীয়তাৰ উপযোগিতা বৃদ্ধি কৰা আৰু অংশীদাৰী জলসিঞ্চন ব্যৱস্থাপনাৰ (পি আই এম -‘পাৰটিচিপেটৰী ইৰিগেশ্যন মেনেজমেণ্ট’) ব্যৱহাৰেৰে বহনক্ষম স্থিতিত কৃষিজাত উৎপাদনসমূহৰ মান উন্নত কৰা। জলসিঞ্চনত পানীৰ ব্যৱহাৰৰ দক্ষতাৰ উন্নতিৰ বাবে চি এ ডি ডব্লিউ এম কাৰ্য্যক্ৰমে মাইক্ৰ’-ইৰিগেশ্যন ইনফ্ৰাষ্ট্ৰাকচাৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা অন্তৰ্ভুক্ত আঁচনিৰ অন্ততঃ ১০ শতাংশ কালচাৰেবল কামাণ্ড এৰিয়া (চি চি এ) লক্ষ্য কৰি লৈছে। চি এ ডি ডব্লিউ এম কাৰ্য্যক্ৰমে প্ৰতিটো আঁচনিৰ অধীনত একোটাকৈ পানী উপভোক্তা সমিতি গঠন কৰাটো বাধ্যতামূলক কৰিছে আৰু ইয়াক আৰম্ভণিৰ বাবে এটা সময়ৰ আন্তঃগাঁথনিৰ অনুদান আৰু কাৰ্য্যকৰী অনুদানেৰে সাহায্যও আগবঢ়াইছে।

ক্ষেত্ৰ উন্নয়ন জলসিঞ্চন (চি এ ডি) ৰ অধীনত কি কি আঁচনি আছে?

ক্ষেত্ৰ উন্নয়ন জলসিঞ্চন আৰু জল ব্যৱস্থাপনা (চি এ ডি ডব্লিউ এম)য়ে কৰা আটাইবোৰ আঁচনিৰ কাৰ্য্যৰ বাবে সহায়কাৰী আঁচনিয়ে নিধি প্ৰদান কৰে। জলসিঞ্চন শক্তি আহৰণ আৰু জলসিঞ্চন শক্তি ব্যৱহাৰৰ মাজত ব্যৱধান হ্ৰাস কৰা কাৰ্যই প্ৰধান আৰু ইয়াৰ উপৰি পদ্ধতিৰ সংশোধন, সম্পূৰ্ণ হোৱা কিন্তু পুৰণি হোৱা আঁচনিসমূহৰ আধুনিকীকৰণ আদি কাৰ্য্য সামৰি লয়।

এটি নতুন আঁচনি ‘ইনচেণ্টিভাইজেশ্যন স্কীম ফ’ৰ ব্ৰিজিং ইৰিগেশ্যন গেপ’ (আই এছ বি আই জি) ভাৰত চৰকাৰৰ জলসম্পদ, নদী উন্নীতকৰণ আৰু গঙ্গা পুনৰুজ্জীৱিতকৰণ মন্ত্ৰালয়ৰ অধীনত গঢ় দিছে আৰু ইয়াৰ লক্ষ্য হৈছে ‘চি এ ডি ডব্লিউ এম’ ৰ কাৰ্য্যসমূহ নিৰ্ভুলভাৱে সম্পন্ন কৰি জলসিঞ্চন শক্তি আহৰণ আৰু জলসিঞ্চন শক্তি ব্যৱহাৰৰৰ মাজৰ ব্যৱধান হ্ৰাস কৰা আৰু, দ্বিতীয়তে জলসিঞ্চন কাৰ্য্যত পানীৰ ব্যৱহাৰৰ দক্ষতা উন্নতি সাধন কৰি প্ৰতিখন খেতি পথাৰে পানী লাভ কৰাটো নিশ্চিত কৰা আৰু তৃতীয়তে পানী উপভোক্তা সমিতিক জলসিঞ্চন পদ্ধতি নিয়ন্ত্ৰণ আৰু পৰিচালনাৰ দায়িত্ব অৰ্পণ কৰা।

‘আই এছ বি আই জি’ ৰ অন্তৰ্ভুক্ত এটি প্ৰকল্পৰ বাবে ন্যূনতম ৩০ শতাংশ বৃদ্ধিৰ ব্যৱস্থা কৰা হৈছে যি মাইক্ৰ’ ইৰিগেশ্যন ৱৰ্ক বা ক্ষুদ্ৰ জলসিঞ্চন কাৰ্য্য সামৰি লয়। পৰম্পৰাগত ফাৰ্ম উন্নয়নক ইয়াৰ বৰ্ধিত মূল্যই সামৰি লয়।

আঁচনিৰ অৱস্থাৰ বিষয়ে

ক্ষেত্ৰ উন্নয়ন জলসিঞ্চন আৰু জল ব্যৱস্থাপনা (চি এ ডি ডব্লিউ এম) কাৰ্য্যক্ৰমৰ আৰম্ভণিৰ পৰা পাঁচটা জলসিঞ্চন আঁচনি সম্পূৰ্ণ হৈছে ইয়াৰে চাৰিটাৰ নিৰ্মাণৰ কাম চলি আছে।

সম্পূৰ্ণ হোৱা আঁচনিসমূহ নিৰ্মাণ কাৰ্য চলি থকা আঁচনিসমূহ
যমুনা জলসিঞ্চন আঁচনি।বৰদিকৰাই জলসিঞ্চন আঁচনি।
কলিয়াবৰ উত্তোলিত জলসিঞ্চন আঁচনি।পহুমাৰা চি এ ডি আঁচনি।
শুক্লা জলসিঞ্চন আঁচনি।ধনশিৰি চি এ ডি আঁচনি।
কালদিয়া জলসিঞ্চন আঁচনি।মালইবাৰী উত্তোলিত জলসিঞ্চন ক্ষেত্ৰ উন্নয়ন আঁচনি।
ডেকাদং জলসিঞ্চন আঁচনি। 

যমুনা জলসিঞ্চন আঁচনি, কলিয়াবৰ উত্তোলিত জলসিঞ্চন আঁচনি আৰু শুক্লা জলসিঞ্চন আঁচনি ২০০৩-০৪ বৰ্ষত সম্পূৰ্ণ হয় আৰু কালদিয়া আৰু ডেকাদং জলসিঞ্চন আঁচনি ২০১৬-১৭ বিত্তীয় বৰ্ষত সম্পূৰ্ণ কৰা হয়। এই পাঁচটি আঁচনি সম্পূৰ্ণ কৰি ৬১,৪৪৮ হেক্টৰ মাটিত পানী যোগান ধৰা হয় আৰু বাকী থকা চাৰিটা আঁচনি সম্পূৰ্ণ কৰি ৬৭,৭৩৬ হেক্টৰ মাটিত পানী যোগান ধৰা হ’ব।

‘আই এছ বি আই জি’ ৰ নতুন কাৰ্য্যক্ৰম অনুসৰি অতিৰিক্তভাৱে পোন্ধৰটা ক্ষুদ্ৰ জলসিঞ্চন আঁচনিৰ প্ৰস্তাৱ কৰা হৈছে । ‘চি এ ডি ডব্লিউ এম’ কাৰ্য্যক্ৰমৰ অধীনৰ ধনশিৰি চি এ ডি আঁচনিৰ বাহিৰে তিনিটা অসম্পূৰ্ণ আঁচনি অন্তৰ্ভুক্ত। ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক ‘নাবাৰ্ড’ ৰ মাধ্যমেৰে ধনশিৰি ক্ষেত্ৰ উন্নয়ন আঁচনিক দীৰ্ঘকালীন জলসিঞ্চন নিধি (লং টাৰ্ম ইৰিগেশ্যন ফাণ্ড) ৰ অধীনত প্ৰস্তাৱ কৰা হৈছে।

অধিক জানিবৰ বাবে অনুবদ্ধ-১ আৰু অনুবদ্ধ-২ দৰ্শন কৰক।