মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ জলসিঞ্চন বিভাগ

নতুন যুগৰ প্ৰযুক্তি

ৰাজ্যৰ জলসিঞ্চন বিভাগে উত্তোলন জলসিঞ্চন আঁচনি আৰু গভীৰ নলীনাদ আঁচনিসমূহৰ বিদ্যুতযোগান ব্যাহত হোৱা সমস্যাৰ পৰা অব্যাহতি পাবলৈ সৌৰশক্তিচালিত পাম্পৰ অভিযোজনাৰ এক অভিলাষী আঁচনি হাতত লৈছে । এই নৱ প্ৰজন্মৰ প্ৰযুক্তিত নিদাগ তীখা ব্যৱহৃত হয়, বেটাৰীৰ প্ৰয়োজন নাই আৰু ই সুৰক্ষা ব্যৱস্থা সন্নিৱিষ্ট

সৌৰশক্তি চালিত ব্যৱস্থাৰ সুবিধাসমূহ: 

  • প্ৰাকৃতিকভাৱে উপলব্ধ অপৰিমিত শক্তিৰ উৎস ।
  • তদাৰকীৰ প্ৰয়োজন নহয় ।
  • পাম্প চলাবলৈ কোনো শক্তি বা ইন্ধনৰ খৰচ নাই ।
  • বিদ্যুত শক্তি ব্যাহত বা লোড শ্বেডিঙৰ সমস্যাৰ পৰা মুক্ত ।
  • পৰিৱেশ অনুকূল, পৰিৱেশ প্ৰদূষণ আৰু শব্দ প্ৰদূষণ নাই ।
  • ব্যৱস্থাটো চলাবলৈ কোনো কুশলী জনশক্তিৰ প্ৰয়োজন নহয় ।
  • প্ৰচলিত শক্তিৰ উৎসসমূহৰ ওপৰত নিৰ্ভৰশীলতাৰ পৰা মুক্ত ।

 

বিভাগটোৱে শেহতীয়া তথ্য-প্ৰযুক্তিৰ ব্যৱহাৰেৰে INO নামেৰে মবাইল আৰু কম্পিউটাৰ দুয়োবিধ আহিলাতেই উপলব্ধ হোৱাকৈ এক প্ৰায়োগিক চফটৱেৰেৰে  পৰ্যায়ক্ৰমে সকলো আঁচনি সামৰি লোৱাৰ পৰিকল্পনা হাতত লৈছে ।

ইয়াত সন্নিৱিষ্ট কৰিবখোজা ব্যৱস্থাসমূহ

  • প্ৰণালীবদ্ধভাৱে নিখুঁত আৰু খৰতকীয়া অনলাইন তথ্য সংগ্ৰহ ।
  • কেন্দ্ৰীয় নিয়ন্ত্ৰণ কক্ষৰ জৰিয়তে ৰাজ্যখনৰ সকলো আঁচনিৰে শেহতীয়া স্থিতি বিশ্লেষণ ।
  • কামৰ অগ্ৰগতি, ব্যয়, কাম লেহেমীয়া বা স্থগিত হোৱাৰ কাৰণ আদিৰ পৰ্যবেক্ষণ ।
  • ক্ষেত্ৰৰ পৰা পোনপটীয়াকৈ কেন্দ্ৰীয় নিয়ন্ত্ৰণ কক্ষলৈ আলোকচিত্ৰ তথা যোগাযোগৰ ব্যৱস্থা ।
 
New Age Technologies