॥ৰাজ্যখনত চলি থকা জলসিঞ্চন কাৰ্যক্ৰমসমূহৰ বাবে বিভাগে প্ৰয়োজনীয় পুঁজিসমূহ কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ ত্বৰাণ্বিত জলসিঞ্চন সুবিধা আঁচনি (এআইবিপি) কাৰ্যক্ৰমৰ তৰফৰ পৰা লাভ কৰে। ইয়াৰ উপৰি জলসিঞ্চন বিভাগে এনএলচিপিআৰ, বিশ্ব বেংক আদিৰ পৰা অন্যান্য সাহায্যসমূহ লাভ কৰে।
পুঁজিৰ উৎস সমূহৰ ওপৰত ভিত্তি কৰি জলসিঞ্চন বিভাগে গ্ৰহণ কৰা কাৰ্যক্ৰমসমূহক তিনিভাগত বিভক্ত কৰা হৈছে:
ক) ত্বৰাণ্বিত জলসিঞ্চন সুবিধা কাৰ্য্যক্ৰম
এআইবিপিৰ অধীনত কেন্দ্ৰীয় সাহায্যৰ দ্বাৰা ৰূপায়িত বৃহৎ আৰু মধ্যমীয়া প্ৰকল্পসমূহ:
তাৰোপৰি জলসিঞ্চন বিভাগে ক্ষুদ্ৰ জলসিঞ্চন প্ৰকল্পসমূহৰ ৰূপায়নৰ বাবেও ভাৰত চৰকাৰৰ অধীনৰ এআইবিপি আচঁনিৰ দ্বাৰা বিভিন্ন ধৰণে আৰ্থিক সাহায্য লাভ কৰে।
ক্ষুদ্ৰ জলসিঞ্চন খণ্ডৰ অধীনত, ২০০১-০২ ৰ পৰা ২০১৩-১৪ বৰ্ষৰ ভিতৰত ৭৭৮ সংখ্যক ক্ষুদ্ৰ জলসিঞ্চন প্ৰকল্প হাতত লৈছে, তাৰে ৫৫৫ সংখ্যক প্ৰকল্প জুন, ২০১৭ ৰ ভিতৰত ইতিমধ্যে সম্পূৰ্ণ হৈছে।
২০০০-০১ বৰ্ষৰ ৩৯ সংখ্যক আচঁনি |
৭৩৯ টা আচঁনি |
খ) ম্যাদবিহীন কেন্দ্ৰীয় সম্পদৰ পুঁজি
ভাৰত চৰকাৰৰ মহাসাগৰ উন্নয়ন তথা পৰমাণু শক্তিৰ মন্ত্ৰালয়ক বাদ দি বাকী সকলো মন্ত্ৰালয়ৰ বাজেটসমূহৰ পৰা ১০% কৈ মূলধন গ্ৰহণ কৰা হয়, যাতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য সমূহৰ আন্তঃগাঠনিসমূহক দ্ৰুত গতিত উন্নয়নৰ দিশত অগ্ৰসৰ কৰাই ম্যাদবিহীন কেন্দ্ৰীয় সম্পদৰ পুঁজি আচঁনিৰ উদ্দেশ্যে।
অনুদানৰ অনুপাত: কেন্দ্ৰীয়:ৰাজ্যিক=৯০:১০
সাধাৰণ এলেকাসমূহত, এই কাৰ্যসূচীৰ প্ৰথম পৰ্য্যায় হিচাপে ১৯৯৯-২০০০ বৰ্ষত ভূপৃষ্ঠ আৰু ভূগৰ্ভস্থ উভয় ক্ষেত্ৰকে সাঙুৰি সৰ্বমুঠ ৮৬ টা ক্ষুদ্ৰ জলসিঞ্চন প্ৰকল্পৰ কাম আৰম্ভ কৰা হৈছিল আৰু বৰ্তমানলৈকে ৮২ টা প্ৰকল্পৰ কাম সুকলমে সম্পন্ন হৈছে।
দ্বিতীয় পৰ্যায়ত ২২ টা ক্ষুদ্ৰ জলসিঞ্চন প্ৰকল্পৰ কাম হাতত লোৱা হৈছিল যাৰ ভিতৰত ২০ টা প্ৰকল্পৰ কাম বৰ্তমানলৈ সম্পূৰ্ণ হৈছে।
২০০৭-২০০৮ বৰ্ষত ৭ টা ক্ষুদ্ৰ জলসিঞ্চন প্ৰকল্পৰ অনুমোদন জনোৱা হৈছিল যাৰ ভিতৰত ৩ টাৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে।
২০০০-০১ বৰ্ষলৈকে ১০ টাকৈ অসম্পূৰ্ণ প্ৰকল্পৰ কাম হাতত লোৱা হয় আৰু ইয়াৰ কাম সুকলমে সম্পন্ন কৰা হয়।
গ) ক্ষেত্ৰ উন্নয়ন তথা জল ব্যৱস্থাপনা
ৰাজ্যৰ কৃষিভূমি সমূহত সমান পৰিমাণে পানীৰ যোগান ধৰাৰ লক্ষ্য আগত ৰাখি ১৯৭৪-৭৫ বৰ্ষতে কেন্দ্ৰীয় চৰকাৰৰ অনুদানৰ সহায়ত ক্ষেত্ৰ উন্নয়ন তথা জল ব্যৱস্থাপনা নামেৰে এক কাৰ্যসূচী আৰম্ভ কৰা হৈছিল। ইয়াৰ দ্বাৰা কৃষকসকলক তেওঁলোকৰ কৃষি কাৰ্য্যত যৎপৰোনাস্তি সহায়ৰ হাত আগবঢ়াবৰ বাবে ৰাজ্য চৰকাৰে এনে ধৰণৰ এক উল্লেখনীয় পদক্ষেপ হাতত লৈছিল।
ইয়াৰ লগতে, এই কাৰ্যসূচীৰ অধীনত বৰ্তমান জলসিঞ্চন বিভাগে ১৫ টা ক্ষুদ্ৰ জলসিঞ্চন প্ৰকল্প আৰু ৩ টা বৃহৎ জলসিঞ্চন প্ৰকল্পৰ কাম হাতত লৈছে।
অনুদান:: ৰাজ্যিক: কেন্দ্ৰীয়= ৫০:৫০
ঘ) এককালীন অতিৰিক্ত কেন্দ্ৰীয় সহায়তা
পৰিকল্পনা আয়োগৰ দ্বাৰা ৰাজ্যৰ কোনো এক আচঁনিৰ তৎকালীন সমাধানৰ বাবে অতিৰিক্ত কেন্দ্ৰীয় সহায়তাৰ দৰে সুবিধা প্ৰদান কৰা হয়।
শোণিতপুৰ জিলাৰ বৰদিকৰাই জলসিঞ্চন প্ৰকল্পৰ ক্ষেত্ৰত ৪৭.২২ কোটি টকাৰ এনে সাহায্য লাভ কৰা হৈছে ।
এই কাৰ্য্যক্ৰমৰ অধীনত ২০১০ ৰ পৰা ২০১৭ বৰ্ষৰ ভিতৰত ১৩ টা আচঁনিৰ কাম হাতত লোৱা হয় আৰু তাৰে ৬ টা আচঁনিৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে।
এই কাৰ্য্যক্ৰমৰ অধীনত ২০১৪-১৫ বৰ্ষৰ ভিতৰত ৪ টা আচঁনিৰ কাম ইতিমধ্যে সম্পন্ন হৈছে।
এই কাৰ্য্যসূচীৰ অধীনত ধেমাজী জিলা আৰু বৰাক উপত্যকাত ২ টাকৈ প্ৰকল্পৰ কাম আৰম্ভ কৰা হৈছিল আৰু বৰ্তমানলৈকে ২ টা প্ৰকল্পৰ নিৰ্মাণৰ কাম ইতিমধ্যে সমাপ্ত হৈছে।
ঙ) মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰামীন উন্নয়ণ যোজনা
এই আঁচনিৰ অধীনত সৌৰ শক্তি আৰু বিদ্যুতঃ দুই ধৰণৰ শক্তিৰেই চলিব পৰা পাম্প সংযোজিত মুঠ ৭১টা অগভীৰ নলীনাদ পৰীক্ষামূলকভাৱে বহুওৱা হয়। ইয়াৰে ২০টা মাজুলীত, ২০টা শোণিতপুৰত, ২০ টা কামৰূপ জুলাত আৰু ২০টা কাছাৰ জিলাত। আটাইবোৰৰে কাম সম্পূৰ্ণৰূপে সমাপ্ত হৈছে। ইয়াৰ জৰিয়তে মুট ১৪২ হেক্টৰ কৃষিভূমি(NIA) জলসিঞ্চনৰ আওতালৈ অনা হৈছে।
চ) অনুসূচিত জাতিৰ বাবে উপ পৰিকল্পনা
এই যোজনাৰ অধীনত ২০০৫-০৬ ৰ পৰা ছেপ্তেম্বৰ ২০১৮ লৈ জলসিঞ্চন বিভাগে ২৭৪ টা ক্ষুদ্ৰ জলসিঞ্চন আচঁনি হাতত লৈছে যাৰ ভিতৰত মে ২০১৯ পৰ্যন্ত ২৩৪ টা আচঁনিৰ নিৰ্মাণৰ কাম সমাপ্ত হৈছে, ৩৪টা আঁচনি নিৰ্মীয়মান অৱস্থাত আছে আৰু ৬টা আঁচনিৰ কাম কাৰিকৰী কাৰণত ৰদ কৰিব ৱগা হৈছে।
এই পৰিকল্পনাৰ অধীনত জলসিঞ্চন বিভাগে ২০০৫-০৬ ৰ পৰা ছেপ্তেম্বৰ ২০১৮ লৈ ১০৯ টা ক্ষুদ্ৰ জলসিঞ্চন আচঁনি হাতত লৈছিল আৰু মাৰ্চ ২০১৯ পৰ্যন্ত ৯৬ টা তেনে আচঁনিৰ কাম সমাপ্ত হৈছে।
জ) ৰাজ্যিক স্ব-অগ্ৰাধিকাৰ উন্নয়ন
২০১৭-১৮ বিত্তীয় বৰ্ষত প্ৰচলিত কৰা, এয়া ৰাজ্যিক পুঁজি ব্যৱহাৰৰ সৰ্বোচ্চ অগ্ৰাধিকাৰযুক্ত আঁচনি ।
জলসিঞ্চন আচঁনিসমূহৰ ৰক্ষণাবেক্ষণ কাৰ্য্য
জলসিঞ্চন বিভাগে আচঁনিসমূহৰ নিয়মীয়া ৰক্ষণাবেক্ষণৰ খৰচৰ বাবদ মাজে সময়ে কিছু অনুদান লাভ কৰে। কিন্তু, আঁচনি অনুযায়ী এই অনুদানৰ পৰিমাণ তেনেই তাকৰ যদিও বিভাগে সেই তাকৰীয়া পুঁজিৰ সদ্ব্যৱহাৰৰ দ্বাৰা আঁচনিসমূহৰ ৰক্ষণাবেক্ষণ কৰে। নিয়মীয়া অনুদানৰ উপৰিও জলসিঞ্চন বিভাগে মাজে সময়ে বিশেষ ধৰণৰ কিছু অনুদানো লাভ কৰে। সেই সমূহ তলত দিয়া ধৰণৰ:
ত্ৰয়োদশ বিত্তীয় আয়োগৰ অনুদান সাহায্যৰ অধীনত ২০১১-১২ বিত্তীয় বৰ্ষত ৮৩ টা ক্ষুদ্ৰ জলসিঞ্চন আচঁনি গ্ৰহণৰ দ্বাৰা হেৰাই যোৱা ৩৭৫৫ হেক্টৰ কৃষিভূমিত জলসিঞ্চনৰ আহৰিত শক্তি পুনৰুজ্জীৱিত কৰাৰ প্ৰয়াস কৰা হৈছে। তাৰোপৰি, ৪ টা বৃহৎ/মজলীয়া আচঁনি গ্ৰহণৰ দ্বাৰা ১০০০ হেক্টৰ কৃষিভূমিৰ বাবে জলসিঞ্চনৰ শক্তি পুনৰুজ্জীৱিত কৰাৰ চেষ্টা কৰা হৈছে।
২০১২-১৩ বৰ্ষত ১৯৭৪০ হেক্টৰ কৃষিভূমিৰ বাবে জলসিঞ্চনৰ শক্তি পুনঃপ্ৰতিষ্ঠা কৰাৰ মানসেৰে বিশেষ ৰক্ষণাবেক্ষণ তথা মেৰামতি আঁচনিৰ অধীনত জলসিঞ্চন বিভাগে ২১৯ টা ক্ষুদ্ৰ জলসিঞ্চন প্ৰকল্পৰ কাম হাতত লৈছিল। তদুপৰি, ৬৬৩৫ হেক্টৰ কৃষিভূমিৰ বাবে জলসিঞ্চনৰ শক্তি পুনৰুদ্ধাৰ কৰিবৰ বাবে ১২ টা বৃহৎ/মধ্যমীয়া প্ৰকল্পৰ কাম হাতত লৈছিল।
বৰ্তমান শাসনাধিস্থিত চৰকাৰৰ উদ্যোগত নিয়মীয়া ৰক্ষণাবেক্ষণ তথা মেৰামতি প্ৰক্ৰিয়াৰ অধীনত সম্পূৰ্ণ অথবা আংশিক ভাৱে বিকল ৫৪ টা আচঁনিৰ কাম হাতত লোৱা হৈছিল আৰু এই আচঁনি সমূহৰ কাম সময়মতে সুকলমে সম্পন্ন হৈছে।
ক) অসম গ্ৰামীণ বুনিয়াদী সুবিধা আৰু কৃষি সেৱা প্ৰকল্প/যোজনা
বিশ্ব বেংকৰ দ্বাৰা অনুদান প্ৰাপ্ত এই প্ৰকল্পৰ দ্বাৰা, সাধাৰণ এলেকাসমূহত ২২২ টা ক্ষুদ্ৰ জলসিঞ্চন আচঁনিৰ কাম হাতত লোৱা হৈছিল আৰু তাৰ ভিতৰত ১৯২ টা আচঁনিৰ কাম ইতিমধ্যে সম্পন্ন হৈছে।
খ) ৰাষ্ট্ৰীয় কৃষি তথা গ্ৰাম্য উন্নয়ন বেংকৰ দ্বাৰা সাহায্য
নাবাৰ্ডে তেওঁলোকৰ নিজস্ব কাৰ্য্যক্ৰম গ্ৰাম্য বুনিয়াদী উন্নয়ন পুঁজি(RIDF)ৰ ফালৰ পৰা কিস্তি হিচাপত বিভাগ সমূহলৈ অনুদান প্ৰদান কৰে। জলসিঞ্চন বিভাগে নাবাৰ্ডৰ RIDF X, XI,XVI, XVIII, XIX, XXIV, XXV, XXVI আৰু XXVII ৰ অধীনত অনুদান ল’বলৈ সক্ষম হৈছে আৰু তলত উল্লেখিত কামসমূহ হাতত লৈছে:
গ্ৰাম্য বুনিয়াদী উন্নয়ন পুঁজি ১০ ( RIDF X): ২০০৪-০৫ বৰ্ষত অনুমোদিত। ২২ সংখ্যক ক্ষুদ্ৰ জলসিঞ্চন প্ৰকল্পৰ কাম হাতত লোৱা হৈছিল আৰু সুকলমে ইয়াৰ কাম সম্পন্ন হৈছে।
গ্ৰাম্য বুনিয়াদী উন্নয়ন পুঁজি ১১ ( RIDF XI) : ২০০৫-০৬ বৰ্ষত অনুমোদিত। ১২ টা অনুমোদিত আঁচনিৰ ভিতৰত ১০ টা ক্ষুদ্ৰ প্ৰকল্প আৰু ১ টা মজলীয়া প্ৰকল্পৰ কাম ইতিমধ্যে সমাপ্ত হৈছে।
গ্ৰাম্য বুনিয়াদী উন্নয়ন পুঁজি ১৬( RIDF XVI) : ২০১১-১২ বৰ্ষত অনুমোদিত। ২ টা ক্ষুদ্ৰ জলসিঞ্চন আঁচনিৰ কাম হাতত লোৱা হয় আৰু ইয়াৰ কাম সম্পন্ন কৰা হয়।
গ্ৰাম্য বুনিয়াদী উন্নয়ন পুঁজি ১৮( RIDF XVIII): ২০১২-১৩ বৰ্ষত অনুমোদিত। ১০১ টা ক্ষুদ্ৰ জলসিঞ্চন আঁচনিৰ অনুমোদন পোৱা হয়। তাৰে ১০০টা সম্পূৰ্ণ কৰা হৈছে । উজনি অসম ড্ৰিলিং সংমণ্ডলৰ ন-চুঙি বালিজান গভীৰ নলীনাদ আঁচনিটো কাৰিকৰী কাৰণত পৰিত্যক্ত কৰিবলৈ অনুমোদন বিচৰা হৈছে ।
গ্ৰাম্য বুনিয়াদী উন্নয়ন পুঁজি ১৯( RIDF XIX): ২০১৩-১৪ বৰ্ষত অনুমোদিত। ২১ টা ক্ষুদ্ৰ জলসিঞ্চন আঁচনিৰ অনুমোদন পোৱা হয়। ২০টা সম্পূৰ্ণ কৰা হৈছে ।
গ্ৰাম্য বুনিয়াদী উন্নয়ন পুঁজি ২৪( RIDF XXIV): ২০১৮-১৯ বৰ্ষত অনুমোদিত। ৩৭ টা ক্ষুদ্ৰ জলসিঞ্চন আঁচনিৰ অনুমোদন পোৱা হয়। জুন ২০২১লৈ ৩০টা সম্পূৰ্ণ কৰা হৈছে ।
গ্ৰাম্য বুনিয়াদী উন্নয়ন পুঁজি ২৫( RIDF XXV): ২০১৯-২০ বৰ্ষত অনুমোদিত। ৯৮ টা ক্ষুদ্ৰ জলসিঞ্চন আঁচনিৰ অনুমোদন পোৱা হয়। তাৰে ৯টা সম্পূৰ্ণ কৰা হৈছে।
গ্ৰাম্য বুনিয়াদী উন্নয়ন পুঁজি ২৬( RIDF XXVI): ২০২০-২১ বৰ্ষত অনুমোদিত। ২৩ টা ক্ষুদ্ৰ জলসিঞ্চন আঁচনিৰ অনুমোদন পোৱা হয়। আটাইকেউটাৰে কাম চলি আছে।
গ্ৰাম্য বুনিয়াদী উন্নয়ন পুঁজি ২৭( RIDF XXVII): ২০২১-২২ বৰ্ষৰ বাবে অনুমোদন দিব লগীয়া এই পুঁজিৰ বাবে ২০ টা ক্ষুদ্ৰ জলসিঞ্চন আঁচনিৰ তালিকা সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত দাখিল কৰা হৈছে।
ইয়াৰ লগতে, ধনশিৰী জলসিঞ্চন প্ৰকল্পৰ বাকী থকা কাম খিনি সম্পূৰ্ণ কৰিবৰ বাবে দীৰ্ঘকালীন জলসিঞ্চন পুঁজিৰ (LTIF)অধীনত ১১৮.৪৬ কোটি টকা বৰ্তমান প্ৰক্ৰিয়াধীন অৱস্থাত আছে।
উত্তৰ-পূব পৰিষদ আইন, ১৯৭১ ৰ অধীনত এক আঞ্চলিক উপদেষ্টা সংস্থা হিচাপে উত্তৰ-পূব পৰিষদৰ জন্ম হৈছিল। পৰৱৰ্তী সময়ত, ২০০২ বৰ্ষৰ সংশোধনৰ পিছত ই আঞ্চলিক পৰিকল্পনা সংস্থালৈ ৰূপান্তৰিত হয়। এই পৰিষদে উত্তৰ-পূৰ্বাঞ্চলৰ পৰিকল্পনা সংস্থা হিচাপে কাম কৰে আৰু একাধিক ৰাজ্যক সুবিধা প্ৰদান কৰিব পৰা প্ৰকল্প বা আচঁনিসমূহত অধিক গুৰুত্ব প্ৰদান কৰে।
উত্তৰ-পূব পৰিষদ কাৰ্য্যক্ৰমৰ অধীনত বৰ্তমান লৈকে ২ টা ক্ষুদ্ৰ জলসিঞ্চন প্ৰকল্পৰ কাম সমাপ্ত হৈছে আৰু ২ টাৰ কাম এতিয়াও চলি আছে।