অৱলোকন
‘প্ৰতিডৰা খেতিত পানী’-এই নীতিৰ জৰিয়তে সকলোবোৰ খেতিমাটিত জলসিঞ্চনৰ সমান বিতৰণ আৰু প্ৰতিটোপালত অধিক শস্য নীতিৰ দ্বাৰা সকলো খেতিতে সঠিক পৰিমাণৰ পানীৰ ব্যৱহাৰ হোৱাৰ লক্ষ্য আগত ৰাখি প্ৰধানমন্ত্ৰী কৃষি সিঁচাই যোজনাৰ অৱতাৰণা কৰা হৈছিল। ২০১৫ চনৰ ১ জুলাই তাৰিখে মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ৰ সভাপতিত্বত অনুস্থিত অৰ্থনৈতিক বিষয় সংক্ৰান্তীয় এক সভাত প্ৰধানমন্ত্ৰী কৃষি সিঁচাই যোজনাৰ অনুমোদন জনায়।
প্ৰধানমন্ত্ৰী কৃষি সিঁচাই যোজনাৰ মূল লক্ষ্যসমূহ:
- ভূপৃষ্ঠ আৰু ভূগৰ্ভস্থ উভয় ক্ষেত্ৰতে ক্ষুদ্ৰ জলসিঞ্চন প্ৰকল্পৰ দ্বাৰা পানীৰ নতুন উৎসৰ সৃষ্টি কৰা ।
- জলাশয় সমূহৰ মেৰামতি, পুনৰুদ্ধাৰ আৰু নবীকৰণ কৰা।
- প্ৰকল্প এলেকাৰ উন্নয়ন, উৎসৰ পৰা খেতিমাটিলৈ হোৱা পানীৰ বিতৰণ ব্যৱস্থাটো আৰু অধিক শক্তিশালী কৰা।
- পানীৰ পৰিমাণ বেছি থকা ভূমিৰ উন্নয়ন কৰা যাতে, বাৰিষা /বানপানীৰ সময়ত তাত জমা হৈ থকা পানী বাহিৰ কৰিব পৰা যায়।
- কৃষিভূমিত পানী যোগানৰ বাবে জল ব্যৱস্থাপনা আৰু জল বিতৰণ ব্যৱস্থাৰ উন্নয়ন কৰা যাতে বিকশিত নোহোৱা উৎসসমূহ শক্তিশালী কৰিব পৰা যায়।
- পানীৰ উৎসৰ পৰিমাণ য’ত প্ৰচুৰ মাত্ৰাত আছে, তাৰপৰা জলসিঞ্চন ব্যৱস্থাৰ দ্বাৰা বেলেগ বেলেগ ঠাইলৈ পানীৰ উৎসসমূহ স্থানান্তৰিত কৰা যাতে সকলোবোৰ খেতিতে পানীৰ বিতৰণ আৱশ্যক অনুসৰি হয়।
প্ৰধানমন্ত্ৰী কৃষি সিচাঁই যোজনাৰ কৰ্ম যোজনা
প্ৰধানমন্ত্ৰী কৃষি সিচাঁই যোজনাৰ অধীনৰ অসম ৰাজ্যিক জলসিঞ্চন প্ৰকল্পই ২৭ খন জিলাত চলি থকা জিলা জলসিঞ্চন প্ৰকল্পসমূহক সামৰি লৈছে আৰু এই প্ৰকল্পসমূহ ফেব্ৰুৱাৰী, ২০১৭ ত ৰাজ্যিক পৰ্যায়ৰ অনুমোদন সমিতিৰ দ্বাৰা অনুমোদন কৰা হয়।
২০১৮-১৯ বিত্তীয় বৰ্ষত এই অনুমোদন সমিতিৰ পৰা প্ৰধানমন্ত্ৰী কৃষি সিচাঁই যোজনাৰ অধীনত বাৰ্ষিক কৰ্ম পৰিকল্পনাৰ বাবে মুঠ ৪১৫১.৯৪০১৬ কোটি টকাৰ অনুমোদন কৰোৱা হৈছে।
সাধাৰণ এলেকা = ২৬৩৪.৫১৮২৭ কৌটি টকা
ষষ্ঠ অনুসূচী এলেকা = ১৫১৭.৪২১৮৯ কৌটি টকা
জিলা জলসিঞ্চন পৰিকল্পনাৰ লিংকটি পাবৰ বাবে, ক্লিক কৰক।
প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ কৰ্মসূচী এনে ধৰণৰ:
পৰ্যায় প্ৰকল্প মূল্য সংখ্যা
১ ২৪৬.০৬৯৬ কৌটি টকা সৌৰ ২৩৪৪টা ; বৈদ্যুতিক ২৪৩৫ টা
২ ৮৯৬.৫৫১০৪ কৌটি টকা সৌৰ ৩৮৬২টা ; বৈদ্যুতিক ১১২৮৮ টা
Caption
Downloads
Title | Size | Detail |
---|
ৰাজ্যপৰ্যায়ৰ বাচনি সমিতিৰ সভাৰ কাৰ্যবিৱৰণী(PMKSY) ২০১৭ | 1.05 MB |  |
পি এম কে এছ ৱাই নিৰ্দেশনা | 548.54 KB |  |
পি এম কে এছ ৱাই চুক্তি ইত্যাদি | 3.7 MB |  |
৮ ছেপ্টেম্বৰ ২০২০ তাৰিখৰ নিবিদা সভাৰ কাৰ্যবিৱৰণী | 553.38 KB |  |
৮ ছেপ্টেম্বৰৰ কাৰ্যবিৱৰণীৰ শুধৰণি ১৫ ছেপ্টেমবৰ ২০২০ | 213.04 KB |  |
PMKSY-HKKP নলীনাদ আঁচনিৰ হস্তান্তৰৰ চুক্তি পত্ৰ | 862.71 KB |  |
PMKSY-HKKP নলীনাদ আঁচনিৰ হস্তান্তৰৰ চুক্তি পত্ৰ | 29.21 KB |  |