মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ জলসিঞ্চন বিভাগ

সামৰ্থ্য গঢ়ন

সাম্প্ৰতিক প্ৰতিচ্ছবি

অতি সম্প্ৰতি কোনো পৰ্য্যায়তে নিযুক্ত ব্যক্তিৰ বাবে পৰিচিতিমূলক প্ৰশিক্ষণৰ ব্যৱস্থা নাই। বৰ্তমানে অসম অভিযান্ত্ৰিক সেৱা সংস্থাৰ সদস্য, বিভাগৰ স্নাতক অভিযন্তাসকলে বিভাগীয় কৰ্তৃপক্ষৰ সহযোগত এদিনীয়া পাঠ্যক্ৰমত দুটি পৰ্যায়ৰ পৰিচিতিমূলক পাঠৰ ব্যৱস্থা কৰিছে, ইয়াৰে এবিধ নতুনকৈ নিয়োজিত স্নাতক অভিযন্তাৰ বাবে আৰু আনটো অতি কমেও পাঁচ বছৰ চাকৰি কৰাৰ অভিজ্ঞতা থকা অভিযন্তাসকলৰ বাবে। দ্বিতীয় বিধৰ শিক্ষণ ব্যৱস্থাত অসমৰ জলসিঞ্চন বিভাগৰ মন্ত্ৰীৰ উপৰি উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে। ইয়াৰ প্ৰধান উদ্দেশ্যই হৈছে বিভিন্ন ঠাইত সংশ্লিষ্ট কাৰ্য্য সম্পাদন কৰি সময় আৰু ধন ৰাহি কৰা। সময় তথা খৰচ হ্ৰাস কৰাৰ মানসেৰে এই প্ৰশিক্ষণ কাৰ্যক্ৰমক বেলেগ বেলেগ ঠাইত অনুস্থিত কৰাৰ পৰিকল্পনা কৰা হৈছে।

ইয়াৰ উপৰিও, অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত সময়ে সময়ে সকলো স্তৰৰ কৰ্মচাৰী আৰু বিষয়াসকলৰ বাবে তেওঁলোকৰ যোগ্যতা তথা প্ৰশাসনিক দক্ষতা বৃদ্ধিৰ বাবে নিয়মিত ভাৱে প্ৰশিক্ষণ প্ৰদান কৰে আৰু এই অনুসৰি বিভাগে নিয়মিতভাৱে ব্যক্তিসকলক প্ৰশিক্ষণৰ বাবে প্ৰেৰণ কৰি আহিছে।

প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহ

তেজপুৰ স্থিত উত্তৰ পূব জল ও ভূমি ব্যৱস্থাপনাৰ আঞ্চলিক কেন্দ্ৰই (NERIWALM - North East Regional Institute for Water and Land Management) কেন্দ্ৰীয় জল আয়োগৰ অধীনত চিভিল বিভাগৰ অভিযন্তাসকলৰ বাবে হ্ৰস্বকালীন প্ৰশিক্ষণৰ ব্যৱস্থা কৰে। ইয়াৰ উপৰিও, ৰাজ্যৰ বাহিৰৰ প্ৰতিষ্ঠানসমূহৰ ভিতৰত পুণেস্থিত ৰাষ্ট্ৰীয় জল প্ৰতিস্থান, পুণে,(National Water Academy, Pune) হায়দৰাবাদস্থিত ৰাষ্ট্ৰীয় গ্ৰাম্য উন্নয়ন প্ৰতিষ্ঠান, (National Institute of Rural Development, Hyderabad) আৰু ডেহৰাডুনস্থিত ভাৰতীয় দূৰ সংবেদন প্ৰতিস্থান (Indian Institute of Remote Sensing, Dehradun) আদিয়েও অভিযন্তাসকলৰ বাবে প্ৰশিক্ষণৰ ব্যৱস্থা কৰে। তদুপৰি গুৱাহাটী স্থিত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, ৰাষ্ট্ৰীয় গ্ৰাম্য উন্নয়ন প্ৰতিষ্ঠান, ৰাজ্যিক গ্ৰাম্য উন্নয়ন প্ৰতিষ্ঠান, উত্তৰ পূব বেংক ব্যৱস্থাপনা প্ৰতিস্থান আদিলৈও বিষয়াসকলক প্ৰশিক্ষণৰ বাবে পঠোৱা হয়।

ফটাশিল স্থিত লোক নিৰ্মাণ বিভাগত এজন অতিৰিক্ত মুখ্য অভিযন্তাৰ অধীনত জ্যেষ্ঠ পৰ্যায়ৰ শাখা সহায়ক সকলক কনিষ্ঠ অভিযন্তা পদলৈ পদোন্নতি হোৱাৰ আগেয়ে এবছৰীয়া প্ৰশিক্ষণ প্ৰদান কৰা হয়।

কেতিয়াবা কেতিয়াবা সহকাৰী কাৰ্যবাহী অভিযন্তা আৰু কাৰ্যবাহী অভিযন্তাৰ সহযোগত কৃষি বিভাগৰ বিষয়াসকলৰ সৈতে বৈঠক অনুস্থিত কৰা হয় য’ত কৃষকসকলক একোটা জলসিঞ্চন প্ৰকল্পত তেওঁলোকৰ ভূমিকা তথা দায়িত্বসমূহ অৱগত কৰোৱাৰ লগতে খেতিত ব্যৱহাৰ হোৱা পানীৰ পৰিমাণৰ বিষয়েও প্ৰশিক্ষণ প্ৰদান কৰা হয়।