ক্ষেত্ৰ উন্নয়ন তথা জল ব্যৱস্থাপনা কাৰ্যসূচী আৰম্ভণিৰ সময়ৰপৰাই বিভাগে ৫(পাঁচ)টা জলসিঞ্চন প্ৰকল্প সম্পূৰ্ণ কৰিছে আৰু আন ৪(চাৰি)টাৰ কাম চলি আছে ।
যমুনা জলসিঞ্চন প্ৰকল্প, কলিয়াবৰ উত্তোলন জলসিঞ্চন প্ৰকল্প আৰু শুক্লা জলসিঞ্চন প্ৰকল্প ২০০৩-০৪ বিত্তীয় বৰ্ষত সম্পূৰ্ণ হৈছে আৰু কালদিয়া আৰু ডেকাডং জলসিঞ্চন প্ৰকল্প ২০১৬-১৭ বিত্তীয় বৰ্ষত সম্পূৰ্ণ কৰা হৈছে । এই পাঁচটা প্ৰকল্প সম্পূৰ্ণ কৰাৰ জৰিয়তে বিভাগে ৬১৪৪৮ হেক্টৰ কৃষিভূমি ব্যৱহাৰপোযোগী কৰিছে আৰু অতিৰিক্ত ৬৭৭৩৬ হেক্টৰ কৃষিভূমি বাকী চাৰিটা কাম চলি থকা প্ৰকল্পৰ জৰিয়তে ব্যৱহাৰপোযোগী কৰিব ।
ইয়াৰ উপৰিও নতুন কাৰ্যসূচী মতে(আই এছ বি আই জি) বিভাগে ধনশিৰি ক্ষেত্ৰ উন্নয়ন প্ৰকল্পৰ বাহিৰে আন তিনিটা কাম চলি থকা প্ৰকল্পত আৰু ১৫(পোন্ধৰ)টা ক্ষুদ্ৰ জলসিঞ্চন আঁচনিত ৪২৩২৫ হেক্টৰ কৃষিসক্ষম ভূমিক ক্ষেত্ৰ উন্নয়ন তথা জল ব্যৱস্থাপনাৰ জৰিয়তে জলসিঞ্চনৰ সুবিধা প্ৰদানৰ লক্ষ্য স্থিৰ কৰা হৈছে । ধনশিৰি ক্ষেত্ৰ উন্নয়ন প্ৰকল্পটো নাবাৰ্ডৰ দীৰ্ঘ ম্যাদী জলসিঞ্চন পুঁজি (Long Term Irrigation Fund - LTIF)ৰে কাম কৰাৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে ।
সম্পূৰ্ণ প্ৰকল্পৰ তালিকা | চলিত প্ৰকল্পৰ তালিকা |
---|---|
যমুনা জলসিঞ্চন প্ৰকল্প | বৰদিকৰাই জলসিঞ্চন প্ৰকল্প |
কলিয়াবৰ উত্তোলন জলসিঞ্চন প্ৰকল্প | পহুমৰা জলসিঞ্চন প্ৰকল্প |
শুক্লা জলসিঞ্চন প্ৰকল্প | ধনশিৰি জলসিঞ্চন প্ৰকল্প |
কালদিয়া জলসিঞ্চন প্ৰকল্প | মালইবাৰী জলসিঞ্চন প্ৰকল্প |
ডেকাডং জলসিঞ্চন প্ৰকল্প |
Title | Size | Detail |
---|---|---|
ক্ষেত্ৰ উন্নয়ন তথা জল ব্যৱস্থাপনা প্ৰকল্পসমূহৰ বিৱৰণ | 10.4 KB |