• ×

বৰলাহ আঁচনি

শেহতীয়া উন্নীতকৰণ: July 01, 2023

অনিয়মিত বিদ্যুৎ সৰবৰাহৰ দৰে অতি অসুবিধাজনক পৰিস্থিতিৰ পৰা হাত সাৰিবৰ বাবে হাজোৰ নিকটৱৰ্তী বৰলাহ অঞ্চলত সৌৰ শক্তিচালিত ৩০ হেক্টৰ পৰ্যন্ত জলসিঞ্চন শক্তিসম্পন্ন গভীৰ নলীনাদ আঁচনিৰ ব্যৱস্থা কৰা হৈছে। এই কম খৰচী তথা শক্তিৰ পুনৰ্নবীকৰণযোগ্য আঁচনিৰ প্ৰৱৰ্তনৰ দ্বাৰা অসম চৰকাৰে মূলতঃ খেতিয়কসকলৰ বিকাশৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিছে। সৌৰ পেনেল সমূহক অতি কম পৰিমাণৰ ৰক্ষণাবেক্ষণৰ প্ৰয়োজন আৰু লগতে জলসিঞ্চন প্ৰকল্পসমূহৰ বাবে ই শক্তিৰ এক নিৰ্ভৰযোগ্য উৎস। গভীৰ নলীনাদ প্ৰকল্পৰ উপৰি আন কিছুমান প্ৰকল্পও বৰ্তমানে সৌৰ শক্তিৰ দ্বাৰা পৰিচালনা কৰাৰ পৰিকল্পনা কৰি থকা হৈছে।

Universal Accessibility Menu