• ×

জল সেৱা কৰ

শেহতীয়া উন্নীতকৰণ: September 19, 2023

জল সেৱা কৰ খেতিয়কসকলৰ পৰা সংগ্ৰহ কৰা হয় আৰু ইয়াক পুনৰায় তাতেই বিনিয়োগৰ হকে সিদ্ধান্ত লোৱা হৈছে যাতে পুঁজিৰ অপৰ্যাপ্ততাৰ জোৰা মাৰিব পৰা যায় । অদ্যপৰিমিত জলকৰ সংগ্ৰহৰ ব্যৱস্থাটো ১৯৯৪ চনত প্ৰৱৰ্তন কৰা হৈছিল । পূৰ্বে উপভোক্তাসকলক জলসিঞ্চনৰ পানী বিনামূলীয়াকৈ যোগান ধৰা হৈছিল আৰু সেয়ে দেয় আদায় কৰিবলৈ যথেষ্ট অসুবিধাৰ সন্মুখীন হ’ব লগা হৈছে । কৃষকসকলৰ সৈতে আলোচনাৰ ব্যৱস্থাও কৰা হৈছে আৰু এনে প্ৰচেষ্টা কিছু পৰিমাণে ফলৱতী হোৱাও পৰিলক্ষিত হৈছে যদিও বৰ্তমানেও আদায় কৰিব পৰা ধনৰ পৰিমাণ মুঠ প্ৰাপ্যৰ তুলনাত অতি কম ।

অসম চৰকাৰে সকলোধৰণৰ জলসিঞ্চন ব্যৱস্থাৰ বাবে জলকৰৰ হাৰ ২০০০ চনৰ মাৰ্চ মাহৰ পৰা বলৱৎ হোৱাকৈ তলত দিয়া ধৰণে ধাৰ্য কৰি দিছে:

শস্য বিঘাই প্ৰতি(টকা) হেক্টৰে প্ৰতি(টকা)
খাৰিফ ৩৭.৫০ ২৮১.২৪
গম আৰু অন্যান্য ৰবি শস্য ৭৫.০০ ৫৬২.৫০
আগতীয়া আহু ১০০.০০ ৭৫১.০০
আহু ১০০.০০ ৭৫১.০০
মৰাপাট ২০.০০ ১৫০.০০
কুঁহিয়াৰ ২৯.৬০ ২২২.০০
Universal Accessibility Menu