• ×

ক্ষুদ্ৰ জলসিঞ্চন পিয়ল

শেহতীয়া উন্নীতকৰণ: July 01, 2023

ক্ষুদ্ৰ জলসিঞ্চন আঁচনিসমূহৰ বিতং তথ্য পাবলৈ সমগ্ৰ দেশতে প্ৰতি পাঁচবছৰে কেন্দ্ৰীয় আঁচনি ক্ষুদ্ৰ জলসিঞ্চন পৰিসংখ্যা সামগ্ৰিকীকৰণ (Rationalisation of Minor Irrigation Statistics-RMIS)ৰ অধীনত ক্ষুদ্ৰ জলসিঞ্চন আঁচনিসমূহৰ এটি পিয়ল কৰা হয় । ক্ষুদ্ৰ জলসিঞ্চন আঁচনিসমূহৰ পঞ্চম পিয়লত গাঁও/ উন্নয়ন খন্ড পৰ্যায়লৈ আঁচনিসমূহৰ সংখ্যা, ধৰণ, ব্যৱহাৰত থকা আৰু নথকা আৰু ব্যৱহাৰত নথকাৰ কাৰণসমূহ, সৃষ্ট জলসিঞ্চন ক্ষমতা, ব্যৱহাৰৰ পৰিধি, আঁচনিটো সাজি উলিওৱাৰ খৰচ, পুঁজিৰ উৎস, ৰাজহুৱা খণ্ডৰ তথা ব্যক্তিগত খণ্ডৰ অংশীদাৰী আৰু জলসিঞ্চন ক্ষমতা হ্ৰাস পোৱাৰ কাৰণ ইত্যাদি ফঁহিয়াই উলিওৱা হয় । অজনজাতীয় তথা আন অঞ্চলত ক্ষুদ্ৰ জলসিঞ্চন আঁচনিৰ বিস্তৃতি আৰু কৃষকৰ সামাজিক অৱস্থাৰ প্ৰতিচ্ছৱি, তেওঁলোকৰ অধিকৃতভূমিৰ পৰিমাণ আৰু বতৰ অনুযায়ী তথা খেতি কৰা শস্যৰ ধৰণ আদিৰো বিতং তথ্য এই জৰীপত সাঙুৰি লোৱা হয় ।

 
Universal Accessibility Menu