• ×

আমাৰ ইতিহাস

শেহতীয়া উন্নীতকৰণ: July 14, 2023

আমাৰ বিষয়ে >>বুৰঞ্জী

ৰাজ্যখনৰ জলসিঞ্চন সম্পৰ্কীয় সকলো কাম–কাজ ১৯৬৮ চনলৈ কৃষি বিভাগৰ তত্বাবধানত হৈছিল। ১৯৫৪ চনৰ বিধ্বংসী বানৰ পাছত, ৰাজ্যখনৰ জলসম্পদৰ অধ্যয়ন  আৰু ব্যৱস্থাপনাৰ বাবে এটা সুকীয়া বিভাগৰ প্ৰয়োজন অনুভৱ কৰা হয়পিছে ১৯৭০ চনতহে ব্ৰহ্মপুত্ৰ বান নিয়ন্ত্ৰণ আয়োগ আৰু বান নিয়ন্ত্ৰণ তথা জলসিঞ্চন বিভাগ দুটা গঠন কৰা হয়সেই সময়ত বৰাক উপত্যকাৰ বান নিয়ন্ত্ৰণ সম্পৰ্কীয় কাম তথা সমগ্ৰ ৰাজ্যৰে জলসিঞ্চনৰ আঁচনিৰ পৰিকল্পনাৰ পৰা ৰূপায়ণ কৰালৈ তথা পৰিচালনা আৰু তদাৰকি পৰ্যায়লৈ  সমগ্ৰ কাম বান নিয়ন্ত্ৰণ তথা জলসিঞ্চন বিভাগৰ ওপৰত ন্যস্ত কৰা হৈছিল । পৰৱৰ্তীকালত ইয়াক গড়কাপ্তানি (বান নিয়ন্ত্ৰণ তথা জলসিঞ্চন) বিভাগ  হিচাপে নামকৰণ কৰা হ’ল আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰো বান নিয়ন্ত্ৰণ সম্পৰ্কীয় কামৰ দায়িত্বও বিভাগটোৰ ওপৰত ন্যস্ত কৰা হ’ল । কৃষিকাৰ্যত উচ্চ উৎপাদনক্ষম শস্যৰ ব্যৱহাৰ আৰম্ভ হোৱাৰ লগে লগে জলসিঞ্চনৰ প্ৰয়োজনীয়তাই এক নতুন গতি লাভ কৰিলে আৰু ইয়াৰ ফলতেই বৰ্তমান জলসিঞ্চন বিভাগটোৱে ১৯৭৪ চনত পূৰ্বৰ  গড়কাপ্তানি (বান নিয়ন্ত্ৰণ তথা জলসিঞ্চন) বিভাগৰপৰা ফালি আনি লগতে কৃষি বিভাগৰ অভিযান্ত্ৰিক শাখাটোকো ৰূপায়িত সমস্ত জলসিঞ্চন আঁচনিৰে সৈতে  নৱগঠিত পূৰ্ণাঙ্গ জলসিঞ্চন বিভাগটোৰ সৈতে সংলগ্ন কৰি দি ৰাজ্যখনৰ জলসিঞ্চনৰ উন্নতিৰ কেন্দ্ৰীয় দায়িত্বন্যস্ত বিভাগ হিচাপে গঠন কৰা হ’ল ।

তথ্যমতে ১৯৫০ৰ আশে-পাশে হাতত লোৱা ৰাজ্যখনৰ আটাইতকৈ পুৰণি আঁচনিখন হ'ল কোকৰাঝাৰৰ অলটাৰনেটিভ বোৱতী জলসিঞ্চন আঁচনি। অসমৰ অন্যতম পুৰণি  তথা বৰ্তমানেও কাৰ্যক্ষম জলসিঞ্চন আঁচনি  হ’ল কলাইগাওঁৰ চন্দ্ৰমোহন দত্ত বান্ধ । এইটো এটা ক্ষুদ্ৰ জলসিঞ্চন আঁচনি  । চুখাজানী আৰু নোৱানদী বোৱতী জলসিঞ্চন আঁচনি আন দুটা এনে আঁচনি । এই আটাইকেইটা আঁচনিয়েই ১৯৫৫-৫৬ চনৰ । ১৯৬৪-৬৫ চনত কাম আৰম্ভ কৰি ১৯৬৮ চনত সম্পূৰ্ণ কৰা যমুনা জলসিঞ্চন প্ৰকল্প ৰাজ্যখনৰ প্ৰথম বৃহৎ জলসিঞ্চন আঁচনি  ।

Universal Accessibility Menu