• ×

আমাৰ বিষয়ে

শেহতীয়া উন্নীতকৰণ: October 07, 2023

অসম চৰকাৰৰ জলসিঞ্চন বিভাগ হ’ল অসমৰ জলসিঞ্চন আঁচনিসমূহৰ দায়িত্বন্যস্ত । বিভাগে কামবোৰ সম্পন্ন কৰে, আঁচনিবোৰ চলাই ৰাখে আৰু তদাৰক কৰে ।

জলসিঞ্চন বিভাগে কৃষিক্ষেত্ৰৰ উন্নয়নৰ জৰিয়তে দেশৰ অৰ্থনৈতিক বিকাশৰ বাবে প্ৰয়োজনীয় পৰিকাঠামো তৈয়াৰ কৰে আৰু আমাৰ দেশেও এই কামত বৃহৎ পৰিমাণৰ বিনিয়োগ কৰিছে ।

বিভাগৰ মূল কাৰ্যসমূহ হ’ল:

  • ৰাজ্যৰ কৃষিজাত দ্ৰব্যৰ উৎপাদন বৃদ্ধিৰ বাবে উৎপাদনক্ষম জাতৰ শস্য ৰোপণৰ বাবে পানী যোগান নিশ্চিত কৰা ।
  • গোটেই বছৰ জুৰি পানী যোগানৰ নিশ্চিতি প্ৰদান কৰা আৰু কৃষকক কেবাটাও শস্য ৰোপণৰ বাবে উৎসাহ যোগোৱা ।
  • ক্ষেত্ৰ উন্নয়নৰ জৰিয়তে পানীৰ সম বিতৰণৰ ব্যৱস্থা কৰি জলসিঞ্চন ক্ষমতাৰ পূৰ্ণ ব্যৱহাৰ কৰা
  • জল উপভোক্তা সংস্থা গঠন কৰাত সহায়তা কৰা ।
  • ক্ষুদ্ৰ জলবিদ্যুত প্ৰকল্পৰ ব্যৱস্থা কৰি জলবিদ্যুত শক্তিৰ উৎপাদনৰ সুবিধা কৰা ।
  • উপকৃতসকলৰ পৰা জলকৰ আদায় কৰা ।
  • নাগৰিকসকলক পোনপটীয়া মকৰল⁄ ঠিকাৰ জৰিয়তে নিয়োগৰ সুবিধা প্ৰদান কৰা
Universal Accessibility Menu