• ×

প্ৰকল্প বা আঁচনি ৰূপায়ণ

শেহতীয়া উন্নীতকৰণ: June 28, 2023

কৰ্ম সম্পাদন

আঁচনিখনৰ প্ৰাককলন প্ৰশাসনীয় তথা কাৰিকৰীভাৱে অনুমোদিত হোৱাৰ পাছত জলসিঞ্চন বিভাগে ইয়াৰ ক্ষেত্ৰ বিষয়াসকলৰ তত্বাৱধানত পঞ্জীভুক্ত ঠিকাদাৰৰ জৰিয়তে বিভাগীয় বিধিমতে নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰে । বৃহৎ আৰু মজলীয়া আঁচনিৰ ক্ষেত্ৰত কেন্দ্ৰীয় জল আয়োগৰ (Central Water Commission -CWC) পৰা অনুমোদন তথা পৰিৱেশ মন্ত্ৰালয়ৰ পৰা পূৰ্বানুমোদন লোৱাটো বিধিগত ।

  

পৰিদৰ্শন আৰু মান নিয়ন্ত্ৰণ

বিভাগটোৰ নিজাকৈ এটা পৰিদৰ্শন আৰু মান নিয়ন্ত্ৰণ শাখা আছে আৰু ইয়াৰ মুখ্য কাৰ্যালয় গুৱাহাটীত । এই শাখাটো জলসিঞ্চন সচিবৰ পোনপটীয়া নিয়ন্ত্ৰণাধীন । এই শাখাটো কামৰ মান তথা অগ্ৰগতি চোৱাৰ কামত তথা নিৰ্ধাৰিত সময়ত প্ৰকল্পটো সম্পূৰ্ণ কৰিবলৈ প্ৰয়োজনীয় ব্যৱস্থা ল'বলৈ পৰামৰ্শ দিবলৈ দায়িত্বন্যস্ত । এই শাখাটো কাৰ্য সম্পাদনৰ ক্ষেত্ৰত বিভাগীয় তদাৰকী কোষৰ দৰে ।

নিৰীক্ষণ

নিৰীক্ষণৰ কাম কেবাটাও পৰ্যায়ত কৰা হয় । ক্ষেত্ৰ পৰ্যায়ত এয়া সংশ্লিষ্ট অতিৰিক্ত মুখ্য অভিযন্তা তথা অধীক্ষক অভিযন্তাৰ দায়িত্ব । মুখ্য কাৰ্যালয় পৰ্যায়ত পৰিচালনাৰ সুবিধাৰ বাবে বিভিন্ন পুঁজিৰ অন্তৰ্গত আঁচনিসমূহ ৰূপাঙ্কণ সঞ্চালক, ৰূপাঙ্কণ সঞ্চালক(ক্ষুদ্ৰ জলসিঞ্চন) আৰু নিৰীক্ষণ কোষৰ অধীক্ষক অভিযন্তাৰ মাজত এই দায়িত্ব ভগাই দিয়া হৈছে ।

Universal Accessibility Menu