• ×

প্ৰকল্প/আঁচনি এটা সাজি উলিওৱাৰ প্ৰক্ৰিয়া

শেহতীয়া উন্নীতকৰণ: June 28, 2023

আঁচনিটো চিনাক্তকৰণ

পোনপ্ৰথমে যিকোনো জলসিঞ্চন প্ৰকল্পৰ বাবে বিভাগীয়ভাবে অনুমোদন পোৱাৰ পূৰ্বে অভিজ্ঞ অভিযন্তাৰ দ্বাৰা প্ৰস্তাৱিত আঁচনিটোৰ সৈতে জড়িত বিভিন্ন বিষয়ৰ বিতং অনুসন্ধান কৰা হয় । হেডৱৰ্ক স্থান, জলসিঞ্চনৰ আওতাত আনিব খোজা প্ৰস্তাৱিত এলেকা আৰু বৰ্ষাচ্ছাদিত এলেকাৰ বিস্তৃত জৰীপ চলোৱা হয় আৰু ইয়াৰ অৰ্থনৈতিক তথা কাৰিকৰী সম্ভাৱনীয়তাৰ নিশ্চিত পৰ্যালোচনা কৰা হয় । বোৱতী আঁচনিৰ ক্ষেত্ৰত খৰাং বতৰৰ লগতে প্লাৱনৰ উচ্চ সীমাৰ সময়ত পানীৰ প্ৰৱহনৰ মাত্ৰাৰ সঠিক জোখ লোৱাটো আঁচনিটোৰ মূল গাঁঠনিৰ ৰূপাঙ্কণৰ বাবে অতিশয় প্ৰয়োজনীয় । যদি খৰাং বতৰত নদীটোত প্ৰৱহনৰ মাত্ৰা প্ৰস্তাৱিত আঁচনিটোৰ আওতাত আনিব খোজা কৃষিভূমিত আৱশ্যকীয় পানী যোগান ধৰাৰ বাবে পৰ্যাপ্ত বুলি গণ্য কৰা হয়, আঁচনিটো পৰৱৰ্তী পৰ্যায়লৈ ৰূপায়ণৰ বাবে আগবঢ়াই দিয়া হয় ।

অনুসন্ধান আৰু জৰীপ

   
পুঠিমাৰি নদীত হাইড্ৰ'লজিকেল জৰীপ

আঁচনিখনৰ বাবে চৰকাৰৰ পৰা প্ৰয়োজনীয় অনুমোদন পোৱাৰ পাছত প্ৰস্তাৱিত আঁচনিখনে সাঙুৰি ল’ব পৰা এলেকাটোৰ পৃষ্ঠভাগৰ বিতং জৰীপ চলোৱা হয় যাতে জল পৰিৱাহী নলাবোৰৰ স্থান নিৰ্ধাৰণ কৰি ল’ব পৰা যায় । ইয়াৰ জৰিয়তে সৰ্বমুঠ জলসিঞ্চিত এলেকা (GCA), কৃষিসক্ষম জলসিঞ্চিত এলেকা (CCA), জলসিঞ্চনৰ সৰ্বশেষ ক্ষমতা (NIA) বছৰেকীয়া জলসিঞ্চন ক্ষমতা (AIA) আদিও হিচাপ কৰি উলিওৱা হয় । হেডওৱৰ্ক স্থানত ভূমি পৰীক্ষা কৰি ভূমিৰ বহন ক্ষমতা জানি লৈ ভূকম্পন ভৰ বিবেচনালৈ আনি এবাটমেণ্ট দেৱাল আদিৰ ৰূপাঙ্কণ কৰা হয় । জলসিঞ্চনৰ আওতা তথা প্ৰয়োজনীয় ভূকাৰিকৰী অনুসন্ধান সম্পূৰ্ণ কৰি লোৱাৰ পাছত বিস্তৃত ৰূপাঙ্কণ, প্ৰাককলন/ প্ৰতিবেদন আদি প্ৰস্তুত কৰি কাৰিকৰী অনুমোদনৰ পৰ্যায়লৈ আগবঢ়া হয় ।

Universal Accessibility Menu