• ×

জল উপভোক্তা সংস্থাঃআঁচনিৰ ব্যৱহাৰ্যতা বৃদ্ধি

শেহতীয়া উন্নীতকৰণ: July 01, 2023

ৰাজ্যৰ মূল্যৱান জলসিঞ্চনৰ পানী ব্যৱস্থাপনাত কৃষকৰ অংশগ্ৰহণ বৃদ্ধিৰ বাবে অংশীদাৰী জলসিঞ্চন ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা হৈছে । অংশীদাৰী জলসিঞ্চন ব্যৱস্থাৰ জৰিয়তে উপকৃত খেতিয়কসকলে জল উপভোক্তা সংস্থা গঠন কৰিব আৰু তাৰ জৰিয়তে তেওঁলোকে বিভাগীয় কৰ্মচাৰীৰ সহায়ত উপলব্ধ জলসিঞ্চনৰ পানীৰ ব্যৱস্থাপনা তথা বিতৰণৰ আঁচনি তৈয়াৰ কৰিব আৰু জল কৰ আদায়ৰ ব্যৱস্থা কৰিব । বিভাগে সম্পূৰ্ণ জলসিঞ্চন আঁচনিসমূহ জল উপভোক্তা সংস্থাক হস্তান্তৰ কৰিব আৰু তেওঁলোকে এইবোৰ চলাই ৰখা তথা সাধাৰণ তদাৰকীৰ দায়িত্ব ল’ব ।

ৰাজ্যৰ অংশীদাৰী জলসিঞ্চন ব্যৱস্থাক শৃঙ্খলাবদ্ধ কৰি তুলিবলৈ জল উপভোক্তা সংস্থাসমূহক আইনী সাহায্য প্ৰদানৰ বাবে কিছু প্ৰক্ৰিয়া চলি আছে । এই উদ্দেশ্যৰেই অসম জলসিঞ্চন জল উপভোক্তা আইন, ২০০৪ প্ৰণয়ন কৰা হৈছে ।আশা কৰা যায় যে কৃষকৰ সংস্থাসমূহৰ জৰিয়তে ৰাজ্যৰ অংশীদাৰী জলসিঞ্চন ব্যৱস্থা কিছু উজ্জীৱিত কৰি জলসিঞ্চনৰ পানীৰ কাৰ্যকৰীভাবে সমবিতৰণৰ ব্যৱস্থা কৰিব পৰা যাব ।

বৰ্তমান ৰাজ্যখনৰ চৰকাৰী জলসিঞ্চন আঁচনিসমূহে সাঙুৰি লোৱা ক্ষেত্ৰত ১৫৯১ টা জল উপভোক্তা সংস্থা গঠন কৰা হৈছে । জিলাভিত্তিক সংক্ষিপ্তসাৰৰ বাবে ক্লিক কৰক

জিলা ভিত্তিক/শাখাভিত্তিক জলসিঞ্চন আচঁনিসমূহৰ বিষয়ে অধিক জানিবলৈ,

ইয়াত ক্লিক কৰক

জল উপভোক্তা সংস্থাৰ বিষয়ে অধিক জানিবলৈ, ইয়াত ক্লিক কৰক।

Universal Accessibility Menu